গুৱাহাটী, ২৫ জুলাই : বহু মূল্যবান অগৰু গছৰ ক’লা ব্যৱসায়ত চৰকাৰৰ নতুন উদ্যোগ নীতিয়ে নাকী লগালে । বহু বছৰ ধৰি অসমত চলি থকা অগৰুৰ ক’লা ব্যৱসায়ে অসমৰ অগৰু খেতিয়কসকলক ব্যপক হাৰত লুন্ঠন চলাই আহিছিল । বহু ক’লা ব্যৱসায়ীয়ে অসমৰ পৰা অতি কম মূল্যত আগৰ গছ কিনি নি ডুবাই আৰু চীনত লাখ লাখ টকাত বিক্ৰী কৰি বিশাল সম্পত্তিৰ গৰাকী হৈছিল । এই সকলোবোৰৰ অন্ত পেলাই অসমে কেবিনেটত লোৱা ঔদ্যোগিক নীতিক বুধবাৰে মহানগৰীত এক সংবাদ মেল আয়োজন কৰি স্বাগতম জনায় আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিল চমুকৈ এল এ অ'ই ।
অন্ত পৰিল আগৰৰ ক’লা সাম্ৰাজ্য - New Industrial policy by Assam govt.
অসম চৰকাৰৰ নতুন উদ্যোগ নীতিক স্বাগতম আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলৰ । বিগত প্ৰায় ২৫/৩০ বছৰ ধৰি অসমত চলি আহিছিল অগৰুৰ অবাধ ক’লা ব্যৱসায় ।
ছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলৰ সংবাদমেল
বুধবাৰে কাউন্সিলৰ পিডিয়াৰ শাখাৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে নতুন নীতিৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায় । লগতে এল এ অ'ই অসমত কেইবাটাও উদ্যোগ স্থাপন কৰাৰ বাবে লোৱা পৰিকল্পনাৰ কথা উল্লেখ কৰি কয় যে অগৰু খেতি এক অত্যন্ত লাভজনক খেতি ৷ অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হ’ব পাৰে ।