অসম

assam

ETV Bharat / city

Rajya Sabha Election : হৰ্চ ট্ৰেডিঙৰ আশংকাই দহিছে প্ৰদেশ কংগ্ৰেছক - অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি

আসন্ন ৰাজ্য সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত হৰ্চ ট্ৰেডিঙৰ আশংকাত ভুগিছে প্ৰদেশ কংগ্ৰেছ (Horse Trading in Rajya Sabha Election)৷ তাৰ মাজতে বহু কংগ্ৰেছী নেতা গেৰুৱা হোৱাৰ বু বু-বা বা চলিছে ৰাজনৈতিক দলৰ ভিতৰে-বাহিৰে ৷ এনে সন্ধিক্ষণত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে খহনীয়াৰ কবলত পৰা অসম কংগ্ৰেছ ৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সম্বোধন কৰা এক সংবাদমেলত ইয়াৰে ইংগিত পোৱা গ’ল ৷

Rajya Sabha Election
হৰ্চ ট্টেডিঙৰ আশংকাই দহিছে প্ৰদেশ কংগ্ৰেছক

By

Published : Jan 6, 2022, 6:30 PM IST

গুৱাহাটী, 6 জানুৱাৰী :আগন্তুক ৰাজ্য সভাৰ অসমৰ পৰা দুখন আসনৰ নিৰ্বাচনত হৰ্চ ট্ৰেডিং হোৱাৰ আংশকাত ভুগিছে কংগ্ৰেছ দল (Horse Trading in Rajya Sabha Election)। বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কথা বতৰাই এই কথা স্পষ্ট কৰিছে । ৰাজ্যসভাত অসমৰ দুই সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল আগন্তুক মাৰ্চ মাহত শেষ হ’ব । কিন্তু এই দুখন আসন পুনৰ কংগ্ৰেছে নিজৰ হাতত ৰাখিব পাৰিব নে নাই তাকে লৈ দলৰ মাজত শংকাৰ সৃষ্টি হৈছে ।

ৰাজ্যসভাৰ এই নিৰ্বাচনত Horse trading হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ভূপেন বৰাই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ কয় যে, হৰ্চ ট্ৰেডিঙৰ অভিজ্ঞ ব্যক্তিজন স্বয়ং মুখ্যমন্ত্ৰীৰ আসনত বহি আছে । গতিকে ৰাজ্য সভাৰ নিৰ্বাচনত হৰ্চ ট্ৰেডিং হ'লেও আচৰিত হ’বলগীয়া নাই । মুখ্যমন্ত্ৰীৰ আসনত Horse trading কৰা ব্যক্তিজন বহি থকাৰ দৰে Horse trader ও মজুত আছে বুলি সভাপতি ভূপেন বৰাই কটাক্ষ কৰে । ভূপেন বৰাই লগতে কয় যে, ৰাজ্যসভাৰ আসনৰ বাবে প্ৰাৰ্থী বিবেচনা কৰাৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক:ৰাণী-ৰিপুণৰ বিদায় সমাগত; কংগ্ৰেছৰ বাবে আহিব নেকি আন এক বেয়া খবৰ

উল্লেখ্য যে, ৰাজ্যসভাত এখন আসন দখল কৰিবলৈ বিৰোধীক কমেও ৪২ টা ভোটৰ প্ৰয়োজন হ’ব । কিন্তু খহনীয়াৰ কবলত পৰি বিধ্বস্ত হোৱা কংগ্ৰেছৰ বিধায়কৰ সংখ্যা আজিৰ তাৰিখত কমি আহিছে । ইয়াৰো একাংশই বিজেপি আৰু অগপত শীঘ্ৰে যোগ দিয়াৰ পূৰামাত্ৰাই সম্ভাৱনা আছে । এইক্ষেত্ৰত সৰ্বাধিক চৰ্চিত হৈ থকা দুগৰাকী কংগ্ৰেছ বিধায়ক হ'ল ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা‌ দাস ।

ইফালে বিধানসভাত এ আই ইউ ডি এফৰ বিধায়কৰ সংখ্যা হ'ল ১৫ গৰাকী, বি পি এফৰ ৪ গৰাকী, চি পি এমৰ এগৰাকী আৰু নিৰ্দলীয় এগৰাকী । সেই হিচাপত বিৰোধী বিধায়কৰ সংখ্যা ৫০ গৰাকী হ'লেও মুঠেও নিৰাপদ নহয় কংগ্ৰেছ দল । কিয়নো আগন্তুক দুটা মাহৰ ভিতৰত শ্বেৰমান আলী আহমেদ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, ভাস্কৰ বৰুৱাকে ধৰি কেইবাজনো কংগ্ৰেছ বিধায়কৰ ঠিকনা নতুন হোৱাৰ সম্ভাৱনা আছে । হয়তো কংগ্ৰেছ নেতৃত্বই তেনে এক আশংকাৰ গোন্ধ পায়েই বিৰোধীক একত্ৰিত কৰিবলৈ শেহতীয়াকৈ দায়িত্ব অৰ্পণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ।

লগতে পঢ়ক:কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক অশুভ শক্তি আখ্যা ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details