অসম

assam

ETV Bharat / city

AGP Central Executive Meeting : মিত্ৰজোটত থাকিয়ে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত - অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত শনিবাৰে দিশপুৰত এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা(AGP Central Executive Meeting) অনুষ্ঠিত হৈ যায় । সভাত সমাগত পৌৰসভা আৰু পৌৰ নিগম( municipal election)ৰ নিৰ্বাচন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে দুখনকৈ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতি গঠন কৰা হয় ৷

AGP Central Executive Meeting
অগপৰ সংবাদমেল

By

Published : Nov 27, 2021, 10:40 PM IST

গুৱাহাটী, 27 নৱেম্বৰ :অগপ দলে বিজেপিৰ লগত মিত্ৰজোঁটত থাকি আগন্তুক ৰাজ্যৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন(Assam municipal election)ত প্ৰতিদ্বন্দিতা কৰাৰ বাবে শনিবাৰে দিছপুৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰে । অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(AGP general secretary Ramendra Narayan Kalita)ই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা(AGP Central Executive Meeting)ৰ শেষত সাংবাদিকৰ আগত সদৰি কৰে এই কথা ৷

কলিতাই উল্লেখ কৰা অনুসৰি, বিজেপি কোনো নেতাই যদি নিৰ্বাচন বেলেগ কৰি প্ৰতিদ্বন্দিতা কৰাৰ কিবা কথা কৈছে সেয়া গুৰুত্বপূৰ্ণ নহয় । পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে অগপৰ লগত বিজেপি দলৰ দলীয় পৰ্যায়ত আনুষ্ঠানিকভাৱে কোনো আলোচনা হোৱা নাই । অগপৰ তৰফৰ পৰা এককভাৱে প্ৰতিদ্বন্দিতা কৰাৰো কোনো ইংগিত দিয়া হোৱা নাই বুলি তেওঁ সদৰি কলে ।

অগপৰ সংবাদমেল

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অগপ দলে আগন্তুক পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনক লৈ সক্ৰিয়ভাৱে কাম কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে । অগপৰ কাৰ্য্যনিৰ্বাহক সভাই নিৰ্বাচনক লৈ দুখন নিৰ্বাচনী কমিটি গঠন কৰিছে । এখন পৌৰসভা নিৰ্বাচনী কমিটি আৰু আনখন পৌৰনিগম নিৰ্বাচনী কমিটি । একেদৰে লোকসভা পৰিষদ কমিটিৰ অধীনতো ক্ষীপ্ৰতৰভাৱে কাম চলিব বুলি তেওঁ জানিবলৈ দিয়ে ৷

অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

অগপৰ সাধাৰণ সম্পাদকগৰাকীয়ে ইয়াৰ লগতে ১০ ডিচেম্বৰত দিছপুৰত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ এই সন্দৰ্ভত অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহে এসপ্তাহৰ ভিতৰত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ কথা জানিবলৈ দিয়ে ৷ সংবাদমেলত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰদীপ দত্ত ৰায়ৰ ভাষ্যকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

তেওঁ লগতে কয় যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা কৰ্তন বিষয় মানি ল’ব নোৱাৰি । এই সম্পৰ্কত অগপ দলৰ পৰা মুখ্যমন্ত্ৰীক অৱগত কৰা হ'ব । ইপিনে বিজেপিৰ লগত মিত্ৰতাত থাকিয়ে আগন্তুক নিৰ্বাচন খেলাৰ পোষকতা কৰে অগপৰ জ্যেষ্ঠ নেতা ফণী ভূষণ চৌধুৰীয়েও । মিত্ৰতাত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ'লে অসমৰ পৰা কংগ্ৰেছ ধূলিস্যাৎ হ'ব বুলি তেওঁ মন্তব্য কৰে । কিন্তু যদি বিজেপি দলে অকলে খেলিব বিচাৰিলে তেতিয়া হ’লেও অগপ দলে সাজু বুলি ফণী ভূষণ চৌধুৰীয়ে সদৰি কৰে ।

লগতে পঢ়ক :change in patterns of APSC exam : এতিয়াৰে পৰা অসমীয়াতো লিখিব পাৰিব লোকসেৱা আয়োগৰ পৰীক্ষাত

ABOUT THE AUTHOR

...view details