অসম

assam

ETV Bharat / city

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল সম্বোধন - গুৱাহাটী

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত সংগঠনটোৱে কয়, চৰকাৰে বিজ্ঞাপনৰ নামত ধন ব্যয় কৰি আছে কিন্তু বানাক্ৰান্তৰ বাবে চৰকাৰৰ হাতত নাই ধন ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সম্বোধন সংবাদমেল

By

Published : Jul 21, 2019, 11:56 PM IST

গুৱাহাটী,২১জুলাই : চৰকাৰৰ বিজ্ঞাপন চপোৱাৰ নামত 250 কোটি টকা খৰচ কৰা চৰকাৰ অপৰাগ বানাক্ৰান্তক সাহায্য প্ৰদানত । এই মন্তব্য দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৰ । দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি কয় যে সৰ্বানন্দ সোণোৱাল শাসনলৈ অহাৰ পৰা প্ৰতিদিনে টি ভি চেনেলত এটা দিনত বিজ্ঞাপনৰ নামত খৰচ কৰে ৮ লাখ টকা । এই হিচাপৰ লগত বাতৰি কাকতৰ হিচাপ যোগ দিলে ইয়াৰ সংখ্যা হ'বগৈ দুগুণ । যি খন চৰকাৰে ব্যয় সংকোচনৰ কথা বাৰে-বাৰে উত্থাপন কৰে সেইখন চৰকাৰে বিজ্ঞাপনৰ নামতে এটা দিনত ইমান টকা খৰচ কৰে বুলি ক্ষোভ উজাৰে সংগঠনটোৱে ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সম্বোধন সংবাদমেল

ABOUT THE AUTHOR

...view details