অসম

assam

ক'লা পতাকাই খেদিছে মুখ্যমন্ত্ৰীক: শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীক আছুৰ ক'লা পতাকা

By

Published : Dec 8, 2019, 7:09 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মহানগৰীত আছুৰ ক'লা পতাকা প্ৰদৰ্শন ৷

ক'লা পতাকাই খেদিছে মুখ্যমন্ত্ৰীক: শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীক আছুৰ ক'লা পতাকা
ক'লা পতাকাই খেদিছে মুখ্যমন্ত্ৰীক: শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীক আছুৰ ক'লা পতাকা

গুৱাহাটী, 8 ডিচেম্বৰ: ৰাজ্যত কেব বিৰোধী আন্দোলন ক্ৰমান্বয়ে তীব্ৰতৰ হোৱাৰ মাজতে দেওবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্ত জাতীয় দল-সংগঠনৰ ক'লা পতাকাৰ সন্মুখীন হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কলিয়াবৰৰ পাছত মহানগৰীত দেওবাৰে সন্ধিয়া চৰকাৰী বাসভৱনলৈ গৈ থকাৰ পথতে শ্বহীদ ভৱনৰ সন্মুখত পুনৰ আছুয়ে ক'লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ আৰক্ষীৰ তৎপৰতাত পাছলৈ ক'লা পতাকা সমূহ কাঢ়ি লোৱা হয় যদিও প্ৰতিবাদকাৰী আছুকৰ্মী সকলে "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ", "কেব অসমীয়াক নালাগে" শ্ল'গানেৰে বহুসময় ধৰি পৰিৱেশ উত্তাল কৰি ৰাখে ৷

ক'লা পতাকাই খেদিছে মুখ্যমন্ত্ৰীক: শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীক আছুৰ ক'লা পতাকা

ABOUT THE AUTHOR

...view details