অসম

assam

ETV Bharat / city

পানীখাইতীত অঘটনঃ জানত পৰি সলিল সমাধি শিশুৰ

পানীখাইতীৰ আমবাৰীত অঘটন ৷ জান সাঁতুৰি পাৰ হ'বলৈ লওঁতেই পানীত পৰি সলিল সমাধি এটি শিশুৰ ৷ মৃত শিশুটিৰ গৰাকী আমবাৰীৰ প্ৰণৱ সৰকাৰ ৷

By

Published : May 6, 2019, 12:49 PM IST

Updated : May 6, 2019, 1:00 PM IST

শিশুৰ সলিল সমাধি

গুৱাহাটী, 6 মে': ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতীত আমবাৰীত সোমবাৰে পুৱাই সংঘটিত হয় এক অঘটন ৷ জান এটা সাঁতুৰি পাৰ হ'বলৈ লওঁতেই জানটোত পৰি মৃত্যু ঘটে এটি শিশুৰ ৷ মৃত শিশুটি আমবাৰী গাঁৱৰ বীৰেন সৰকাৰৰ 8 বছৰীয়া পুত্ৰ প্ৰণৱ সৰকাৰ বুলি জানিব পৰা গৈছে ৷ দেওবাৰে নিশা আমবাৰীত এটি পৰিয়ালৰ পূজা উপলক্ষে সোমবাৰে পুৱা প্ৰায় 7 বজাত সমনীয়া এজনৰ সৈতে মাহ প্ৰসাদ খোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যায় শিশুটি ৷ মাজত এটি জানত থকাত বাঁহৰ দলংখন ভাগি থকাৰ বাবে দুয়োজনে সাঁতুৰি পাৰ হ'বলৈ লওঁতেই প্ৰণৱ সৰকাৰ নামৰ শিশুটি পানীত ডুব যায় ৷ ইপিনে প্ৰণৱ পানীত ডুৱ যোৱাত বন্ধুজনে ওচৰৰ মানুহক চিঞৰি মতাৰ লগে লগে ওচৰৰ লোকসকলৰ দৌৰি আহি শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷

শিশুৰ সলিল সমাধি

পিচত স্থানীয় লোকে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি ছয়গাঁও আৰক্ষীক খবৰ দিয়াত ছয়গাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ৷

Last Updated : May 6, 2019, 1:00 PM IST

ABOUT THE AUTHOR

...view details