অসম

assam

ETV Bharat / city

50 টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বুধবাৰে সোণালী জয়ন্তী অতিক্ৰম কৰিলে অনুৰাধা চিনেপ্লেক্সে ৷ এই উপলক্ষে চিত্ৰগৃহটিত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে
50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

By

Published : Jan 28, 2021, 7:47 AM IST

Updated : Jan 28, 2021, 10:03 AM IST

গুৱাহাটী, ২৭ জানুৱাৰী : সোণালী জয়ন্তী অতিক্ৰম কৰিলে অনুৰাধা চিনেপ্লেক্সে । ১৯৭১ চনৰ ১ জানৱাৰীত প্ৰয়াত ডঃ ফণী শর্মাৰ দ্বাৰা চিত্ৰগৃহটি শুভ উদ্বোধন কৰা হৈছিল । বহুতো হলীউড-বলীউড তথা অসমীয়া ছবিৰ চাক্ষুস অনুৰাধা চিনেপ্লেক্সত প্ৰদৰ্শিত প্ৰথমখন চিনেমা আছিল ধৰ্মেন্দ্ৰ আৰু হেমা মালিনী অভিনিত ‘হাসিন মে’ জাৱান'। সম্প্ৰতি ৫০ বছৰত ভৰি দি সোণালী বৰ্ষ অতিক্ৰম কৰাত নষ্টালজিয়া হৈ পৰিছে হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ ৷ এই শুভক্ষণত দুয়োগৰাকীয়ে প্ৰেৰণ কৰিছে শুভেচ্ছামূলক বার্তা ৷

50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

বুধবাৰে 50 বছৰ গৰকা চিত্ৰগৃহটি ন-ৰূপেৰে সজাই তোলা হয় ৷ চিত্ৰগৃহটিৰ সোণালী জয়ন্তীৰ এই শুভক্ষণত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী সোণোৱালৰ উপস্থিতিতে চিত্ৰগৃহটিৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই নিজৰ বক্তব্যত অতি বাকপটুতাৰে মুখ্যমন্ত্ৰীক তথা ৰাজ্য চৰকাৰখনক সাংস্কৃতিক জগতখনত চলি থকা কেতবোৰ অনিয়ম আৰু বিসংগতিৰ কথা কৈ সমালোচনা কৰে ।

50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

উল্লেখ্য যে,সত্তৰ দশকত প্ৰতিষ্ঠা হোৱা অনুৰাধা চিনেপ্লেক্সৰ আৰম্ভণিতে আসনৰ সংখ্যা আছিল ১১৩২ খন । সেই সময়ত টিকটৰ উচ্চতম মূল্য আছিল ৩ টকা ৬০ পইচা,নিম্নতম মূল্য আছিল ৬০ পইছা । ১৯৭৩ চনত মুক্তি লাভ কৰা 'ববী’ চিনেমাখন চিত্ৰগৃহটিত একেৰাহে ১০০ দিন প্ৰদৰ্শিত হোৱা বাবে চিনেমাখনৰ পৰিচালক ৰাজ কাপুৰৰ পৰা প্ৰয়াত ডঃ ফণী শৰ্মাই বিশেষ পুৰস্কাৰো লাভ কৰিছিল । অতি আধুনিক প্ৰযুক্তিৰে সজাই তোলা অনুৰাধা চিনেপ্লেক্সত প্ৰদৰ্শিত হৈছিল বহুকেইখন উল্লেখনীয় ছবি । ইয়াৰ ভিতৰত অন্যতম আছিল ‘ববী’, ‘শ্বোলে’, ‘ড0 বেজবৰুৱা’, ‘স্বৰগম’, ‘মেৰা নাম জোকাৰ’, “বহাগৰ দুপৰীয়া” আদি ।

50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

অন্য এক খবৰৰ বাবে: ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট

Last Updated : Jan 28, 2021, 10:03 AM IST

ABOUT THE AUTHOR

...view details