অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য - ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

শনিবাৰে ডিব্ৰুগড়ৰ খোৱাং নাহৰণি গাঁৱত শনিবাৰে সোনোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয় (Traditional Bohua Dance performance in Khawang)। অনুষ্ঠান উপভোগ কৰিবলৈ বহু লোকে ভিৰ কৰেহি নাহৰণি গাঁৱত ৷

traditional-bohuwa-dance-held-at-khowang-in-dibrugarh
ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

By

Published : May 7, 2022, 10:47 PM IST

মৰাণ, 7 মে’ :শনিবাৰেডিব্ৰুগড়ৰ খোৱাং নাহৰণি গাঁৱত শনিবাৰে সোনোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্য (Bohuwa is a traditional event of the Sonowal Kacharis) প্ৰদৰ্শন কৰা হয় । খোৱাঙৰ নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 74 সংখ্যক দ্বি- বাৰ্ষিক বহুৱা নৃত্যৰ এই অনুষ্ঠানটোত নৃত্য প্ৰদৰ্শনকাৰীসকলে মুখা আৰু দেহটো কলগছৰ পাতেৰে মেৰিয়াই লয় (Traditional Bohua Dance performance in Khawang) ।

ডিব্ৰুগড়ত সোনোৱাল কছাৰী সকলৰ পৰম্পৰাগত বহুৱা নৃত্য

লগতে অনুষ্ঠানটোত উপস্থিত থাকি ৰজাইও 101 খিলা কলপাত মেৰিয়াই লয় ৷ উল্লেখ্য যে, বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান । সোণোৱাল কছাৰীসকলে এই নাচ প্ৰধানকৈ শিৱক সন্তুষ্ট কৰিবৰ কাৰণে পৰিৱেশন কৰে ৷ তেওঁলোকৰ বিশ্বাস মতে, প্ৰভু সন্তুষ্ট হ’লেই সমাজৰ পৰা অপায়-অমংগল দূৰ হ’ব, বেমাৰ-আজাৰ আঁতৰিব আৰু সমাজত শান্তি স্থাপিত হ’ব ।

মন কৰিবলগীয়া কথা যে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন হাবিত । তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে । বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয় ।

লগতে পঢ়ক:দুই যুৱকক আলফা(স্বা)ই মৃত্য়ুদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে অনুপ চেতিয়াই?

ABOUT THE AUTHOR

...view details