অসম

assam

ETV Bharat / city

9 বজাৰ 10 টা শীৰ্ষ বাতৰি - TOP 10 AT 9AM

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 9AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

By

Published : Jul 29, 2022, 9:06 AM IST

Updated : Jul 29, 2022, 9:30 AM IST

Hindu women DSP in Pakistan police : মনিষা ৰ’পেটাই ৰচিলে ইতিহাস

পাকিস্তানত উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী হিন্দু মহিলা হিচাপে পৰিগণিত হৈছে (Manisha Ropeta creates history)মনিষা ৰ’পেটা । ইয়াৰ পূৰ্বে উমেৰকোট জিলাৰ পুষ্পা কুমাৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈ সিন্ধ আৰক্ষীৰ প্ৰথম হিন্দু সহকাৰী উপ-পৰিদৰ্শক হিচাপে সিন্ধ আৰক্ষীত যোগদান কৰিছিল (First Hindu women appointed in Pakistan police) ।

Assam cabinet decisions: তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম হ’ব ইংৰাজী

কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমৰ হ'ব (Assam cabinet decisions for education sector)। কেবিনেটত শিক্ষা বিভাগৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । মাতৃভাষাতে বিদ্যালয় থাকিব যদিও গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়োৱা হ'ব ।

New state coordinator of NRC : পাৰ্থ প্ৰতিম মজুমদাৰক এন আৰ চিৰ গুৰু দায়িত্ব

এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি (New state coordinator of NRC) ৷ আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক (IAS Partha Pratim Mazumdar) এন আৰ চি ৰাজ্যিক সমন্বয়কৰ দায়িত্ব অৰ্পন ৷ অহা 31 জুলাইত কাৰ্যকাল অন্ত পৰিব বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ৷ এন আৰ চিৰ প্ৰথম গৰাকী ৰাজ্যিক সমন্বয়কৰ পদত আছিল প্ৰতীক হাজেলা ৷

Ajit Kumar Bhuyan suspended: ৰাজ্যসভাৰ পৰা নিলম্বিত সাংসদ অজিত কুমাৰ ভূঞা

অসম চুক্তিৰ ৬ নং দফা আৰু বান সমস্যাৰ প্ৰসংগক লৈ সদনত সৰৱ সাংসদ অজিত কুমাৰ ভূঞা । অসমৰ প্ৰসংগত কথা কোৱাৰ সুযোগ নিদিয়াৰ বাবে সদনত অসমৰ বান সমস্যা আৰু ৬ নং দফা সন্দৰ্ভত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত । ৰাজ্যসভাৰ চলিত সপ্তাহটোৰ বাকী থকা দিনকেইটাৰ কাৰ্যসূচীৰ পৰা নিলম্বিত (MP Ajit Kumar Bhuyan suspended from Rajya Sabha) ।

Guidelines of ECI : ১৭ বছৰ উৰ্দ্ধৰ সকলোৱে আগতীয়াকৈ ভোটাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব

নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ড, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে (New guidelines of ECI)। এতিয়াৰে পৰা ১৭ বছৰৰ উৰ্দ্ধৰ যুৱক-যুৱতীসকলে ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব ।

Sarbananda Sonowal press conference: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক কৰা অপমানৰ বাবে কংগ্ৰেছে ক্ষমা খোজক

শেহতীয়াকৈ কংগ্ৰেছ দলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমানসূচক মন্তব্য কৰিছিল ৷ যাৰ বিৰুদ্ধে সৰ্বত্ৰে সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে বৃহস্পতিবাৰে বিয়লি নতুন দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি কটু সমালোচনা কৰে কংগ্ৰেছ দলক (Sarbananda Sonowal criticized Congress) ৷

Mig-21 crash in Rajasthan: ৰাজস্থানৰ বাৰমেৰত দুৰ্ঘটনাত পতিত মিগ-২১ ৰ দুয়োজন পাইলটৰ মৃত্যু

বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ বাৰমেৰ জিলাত এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ যুঁজাৰু বিমানখনত থকা দুয়োজন পাইলটৰে মৃত্যু হোৱাৰ তথ্য সদৰি কৰিলে ভাৰতীয় বায়ু সেনাই (Two pilots killed in IAF MiG 21 crash)৷

Debabrat Saikia on Loksabha: লোকসভাত বিৰোধী দলপতিক প্ৰকৃত মৰ্যাদা দিয়া হোৱা নাই

লোকসভাত বিৰোধী পক্ষত কংগ্ৰেছ দলৰ সৰ্বাধিক সাংসদ থকাৰ পিছতো ২০১৪ চনৰ পৰা বিজেপি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ দলপতিয়ে বিৰোধী দলপতিৰ মৰ্যদা পোৱা নাই । এই অভিযোগ অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

Samujjal Kumar Bhattacharya reaction: নতুন শিক্ষানীতিয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিব অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমক

নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য(AASU Chief Advisor Samujjal Kumar Bhattacharya) । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নতুন শিক্ষা নীতি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আছুৰ উপদেষ্টাগৰাকীয়ে(Samujjal Kumar Bhattacharya on New Education Policy) ।

Nitumoni Saikia controversy: সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে নিতুমণি শইকীয়াই

কিছুদিন পূৰ্বে সাংবাদিক নিতুমণি শইকীয়াৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনি আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনোৱাৰ কথা সদৰি কৰিছিল (Nitumoni Saikia divorce controversy)। লগতে পত্নীয়ে তেওঁৰ অগাধ সম্পত্তি সন্দৰ্ভতো কেতবোৰ অভিযোগ আনিছিল । ইয়াৰ পাছতে সাংবাদিকগৰাকী সামাজিক মাধ্যমত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আজি সংবাদমেল যোগে নিজৰ স্থিতি স্পষ্ট কৰে ৷

Last Updated : Jul 29, 2022, 9:30 AM IST

ABOUT THE AUTHOR

...view details