অসম

assam

ETV Bharat / city

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - top 10 at 9 am

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Aug 4, 2021, 9:03 AM IST

মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

ইশান উদয় ছাত্ৰ বৃত্তি দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ চমুকৈ 'আমছু'ৰ ৷ এজন ছাত্ৰৰ নামত 10 বাৰকৈ ধন উলিয়াই দিয়াৰ অভিযোগ আমছুৰ সভাপতিগৰাকীৰ ৷

লাভলীনাৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রীৰ বন্তি প্ৰজ্বলন

বুধবাৰে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ বক্সিঙৰ ছেমিফাইনেলত অৱতীৰ্ণ হ’ব ৷ যাক লৈ উৎসুক প্ৰতিজন অসমীয়া ৷ লাভলীনাক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বুধবাৰে পুৱা নিজগৃহত এগছিকৈ বন্তি প্ৰজ্বলনেৰে লাভলীনা বৰগোহাঁইৰ হৈ প্ৰার্থনা জনাবলৈ মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজক আহ্বান জনায় ।

Mere Mehboob Qayamat Hogi ৰ পৰা Keh Doon Tumheinলৈ: HAPPY BIRTHDAY কিশোৰ কুমাৰ

সংগীতপ্ৰেমী সকলৰ লগতে চলচ্চিত্ৰ প্ৰেমীসকলক এৰি যোৱাৰ তিনিটা দশক পাৰ হৈ গ'ল যদিও নিজৰ বহুমুখী প্ৰতিভাৰে এতিয়াও নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা কিংবদন্তি গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ আজি 92তম জন্ম জয়ন্তী ৷ 'Mere Mehboob Qayamat Hogi' ৰ পৰা 'Keh Doon Tumhein' লৈকে বহু চিৰসেউজ গীতেৰে আজিও সকলোৰে মাজত সজীৱ কিশোৰ কুমাৰ ৷

HSLC ৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

ৰাজ্যত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক ৷ ইয়াৰ মাজতে অনুত্তীৰ্ণসকলক ন্যায় প্ৰদান কৰাৰ দাবীত মঙলবাৰে বিজনীত এচএফআইয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

পানী যোগান আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

পাহাৰীয়া জিলা ডিমা হাছাওত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত খোৱা পানী যোগান প্ৰকল্প নিৰ্মানৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ এসপ্তাহৰ ভিতৰত এই সমগ্ৰ ঘটনাৰ তদন্ত ন’হলে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰৰ ৷

শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ মাজতো একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ গোপন বেহা ৷ মঙলবাৰে পুৱতি নিশা অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷

নগাঁৱত অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক

শিক্ষা বিভাগে শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বিতৰ্ক ৷ সমান্তৰালকৈ নগাঁৱত জিলাতো অব্যাহত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিতৰ্ক ৷

"I look into" হোৱাটছ এপত কাক মেছেজ দিলে শক্তিমন্ত্ৰীয়ে

হোৱাটছ এপৰ এটা বিশেষ মেছেজ ৷ মেছেজটো আহিছিল ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ পৰা ৷ তাৰ পিছত আৰু উম-ঘাম নাই মন্ত্ৰীগৰাকীৰ ৷ মন্ত্ৰীৰ মেছেজ পায় বিমোৰত পৰিল একাংশ ৷ কি কাৰণে মন্ত্ৰীগৰাকীয়ে কাক whats app ত দিলে মেছেজ ?

মাত্ৰ এটা মাহত যোৰহাটত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লি: দেশীয় সুৰা

আবকাৰী বিভাগ, আৰক্ষীয়ে বাৰম্বাৰ সকীয়নি দিয়াৰ পাছতো যোৰহাটৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু লোকে চলাই আহিছে দেশীয় সুৰাৰ অবৈধ বেহা । যোৱা জুলাই মাহত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে নষ্ট কৰিলে ১৬৩৫ লিটাৰ দেশীয় সুৰা । অবৈধভাৱে দেশীয় সুৰাৰ বেহা চলোৱাৰ অপৰাধত জিলাখনৰ ৪ জন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে ?

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ‘দৰ্পণ’ (DARPAN) নামৰ এটা অনলাইন নামভৰ্তি প’ৰ্টেল মুকলি কৰিছে । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব । অনলাইন পদ্ধতিৰে প’ৰ্টেলটোলৈ গৈ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিব বিচৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব ।

ABOUT THE AUTHOR

...view details