অসম

assam

ETV Bharat / city

ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ কাৰ্যক্ষম কৰাৰ নিৰ্দেশ

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত বৈঠক অনুষ্ঠিত ৷ কৃষকসকল উপকৃত হোৱাকৈ খোৱাংস্থিত ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰটো কাৰ্যক্ষম কৰিবলৈ নিৰ্দেশ জিলা উপায়ুক্তৰ ৷

By

Published : Apr 13, 2021, 8:35 PM IST

ভাৰতীয় খাদ্য নিগম কাৰ্যক্ষম কৰাৰ নিৰ্দেশ উপায়ুক্তৰ
ভাৰতীয় খাদ্য নিগম কাৰ্যক্ষম কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

ডিব্ৰুগড়,13 এপ্ৰিল:ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ডিব্ৰুগড়ৰ খোৱাংস্থিত ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰৰ বিভিন্ন দিশসমূহক লৈ এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

ভাৰতীয় খাদ্য নিগম কাৰ্যক্ষম কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

উক্ত সভাত উপায়ুক্ত গৰাকীয়ে সভাত উপস্থিত ভাৰতীয় খাদ্য নিগম, কৃষি, যোগান বিভাগৰ বিষয়াসকলক উক্ত কেন্দ্ৰটোৰ জৰিয়তে ধান ক্ৰয়ৰ ক্ষেত্ৰত বিভাগে যি লক্ষ্য নিৰ্ধাৰণ কৰি দিছে, তাক পূৰ্ণ কৰাৰ ওপৰিও ইয়াৰ জৰিয়তে যাতে কৃষকসকল উপকৃত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটো কাৰ্যক্ষম কৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ মঙলবাৰে উক্ত সভাখনত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:চাবুৱাত অনুষ্ঠিত হ'ল বিহু নমোৱা পৰ্ব

ABOUT THE AUTHOR

...view details