মৰাণ,12 মে':ক’ভিড -19 ৰ বিভীষিকাৰ মাজতেই কৰ’ণাৰ ৰোগীসকলৰ মনোবল বৃদ্ধিৰ ব্যতিক্ৰমী প্ৰয়াস চাবুৱাৰ চিকিৎসকৰ । চাবুৱাৰ মডেল হাস্পতালত মুখত মাস্ক মাৰি এজন ব্যক্তিয়ে গীত গাই আছে আৰু হাত তালি মাৰি তেওঁক সহযোগ কৰিছে অন্য ব্যক্তিসকল । এই দৃশ্য় বুধবাৰে পোহৰলৈ আহে ৷ প্ৰকৃততে এইদৰে গীত গাই থকা ব্যক্তিজন হৈছে চাবুৱা মডেল হাস্পতালৰ উপ অধীক্ষক ডাঃ তৰুণ কুমাৰ দেউৰী আৰু তেওঁক সহযোগ কৰা অন্য ব্যক্তিসকল হৈছে হাস্পতালখনৰে কৰ্মচাৰী ।
দুৱাৰৰ ইফালে থাকি গীত উপভোগ কৰি থকা লোকসকল হৈছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা কেইজনমান কৰ’ণা ৰোগী । উল্লেখ্য যে, বৰ্তমানৰ এই ক'ভিড সৃষ্ট পৰিৱেশত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিনে-নিশাই সন্মুখৰ পৰাই কৰ’ণাৰ লগত যুঁজি আহিছে ।