মৰাণ, 2 মাৰ্চ : ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে (Assam civic poll)৷ ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ইতিমধ্যে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা দেখা গৈছে ৷ বিহু নৃত্য, ভাওনাৰ বচন, কবিতা, গীত আদিৰে ভোটাৰৰ মন মোহাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থী সকলে (Assam civic poll campaign) ৷ ইয়াৰ মাজতে কিন্তু ৰাইজে বিগত সময়চোৱাত কিমান কি উন্নয়ন সাধন হ’ল তাতো নজৰ দিছে ৷
মৰাণ পৌৰসভাৰ 5 নং ৱাৰ্ডত বিগত সময়চোৱাত বৰ বিশেষ উন্নয়ন নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ বিগত চাৰি বছৰে অসম্পূৰ্ণ হৈয়েই থাকিল এটা বহুমুখী ভৱনৰ নিৰ্মাণৰ কাম (Incomplete shopping complex in Moran) ৷ মৰাণ ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদত ২০১৮ বৰ্ষৰ ১৮ মাৰ্চত সেই সময়ৰ মাহমৰা সমষ্টিৰ বিধায়ক, বৰ্তমানৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আধাৰশিলা স্থাপন কৰিছিল বহুমুখী ভৱনটোৰ ৷