অসম

assam

By

Published : Jun 2, 2022, 7:13 PM IST

Updated : Jun 3, 2022, 4:59 PM IST

ETV Bharat / city

Mysterious death of a woman: মৰাণৰ পথালিবামত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

হত্যা নে আত্মহত্যা ! ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে মৰাণ পথালিবাম শলগুৰিৰ প্ৰাঞ্জল হাজৰিকাৰ পত্নী ভাৰতী চাংমাৰ মৃত্যু (Mysterious death of a woman) ৷ স্বামীগৃহৰ মতে আত্মহত্যা আৰু পিতৃগৃহৰ মতে এয়া এক পৰিকল্পিত হত্যা ৷

Sensation over mysterious death of a woman at Moran
মৰাণৰ পথালিবামত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

মৰাণ, 2 জুন: মৰাণত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য (Mysterious death of a woman) ৷ বুধবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পথালিবাম শলগুৰিৰ প্ৰাঞ্জল হাজৰিকাৰ পত্নী ভাৰতী চাংমাই হাজৰিকাৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

মৃত ভাৰতী চাংমাৰ পৰিয়ালবৰ্গই জনোৱা অনুসৰি, বুধবাৰে নিশা ভাৰতীৰ স্বাস্থ্য বেয়া বুলি পিতৃ পৰিয়ালক খবৰ দিছিল স্বামীৰ পৰিয়ালে ৷ এই খবৰ পোৱাৰ লগে লগে বুধবাৰে নিশাই ভাৰতীৰ পিতৃয়ে ভাৰতীৰ স্বামীগৃহত উপস্থিত হৈ কন্যাৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে ৷

মৰাণৰ পথালিবামত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

উল্লেখ্য যে এবছৰ পূৰ্বে পথালিবাম শলগুৰিৰ বগা হাজৰিকাৰ পুত্ৰ প্ৰাঞ্জল হাজৰিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল পথালিবাম কমলদৈ গাঁৱৰ নিবাসী পোনা চাংমাইৰ কন্যা ভাৰতী চাংমাই। ইফালে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি স্বামী গৃহৰ চোতালতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ হুংকাৰ দিয়ে মৃত ভাৰতী চাংমাৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে ৷

মহিলাগৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট বুলিও পৰিয়ালৰ লোকে উত্থাপন কৰিছে অভিযোগ । ভাৰতীয়ে কেতিয়াও আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে বুলি দাবী কৰিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে এই ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ ভাৰতীৰ মৃত্যু কেনেকৈ হ’ল ? এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও সঠিককৈ ক’ব পৰা হোৱা নাই ৷

অৱশ্যে স্বামীগৃহৰ পৰিয়ালে এই ঘটনাক লৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতী চাংমাৰ পৰিয়ালৰ সদস্যই আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ এতিয়া আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড ৷

লগতে পঢ়ক :এপিএছচি কেলেংকাৰী : অধিবক্তা পল্লৱ কটকীক বিশেষ ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্তি

Last Updated : Jun 3, 2022, 4:59 PM IST

ABOUT THE AUTHOR

...view details