অসম

assam

মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

By

Published : Sep 8, 2020, 10:13 PM IST

ডিব্ৰুগড় শিশু নিৰ্যাতনৰ ঘটনাঃ ছাত্ৰ সমাজ, দল-সংগঠন আৰু সচেতন ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ অন্তত অৱশেষত মুখ খুলিলে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে । অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰক মৰাণ মহাবিদ্যালয়ৰ পৰা অপসাৰণৰ প্ৰস্তাৱ গ্ৰহণ ৷

মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

মৰাণ, 8 ছেপ্টেম্বৰ : ডিব্ৰুগড়ত সংঘটিত হোৱা শিশু নিৰ্যাতনৰ ঘটনাক লৈ আজিও চৰ্চা অব্য়াহত আছে । আজি শিশু নিৰ্যাতনকাৰী মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়ৰ প্ৰৱেশ দুৱাৰত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ছাত্ৰসন্থাৰ কৰ্মীসকলে মিতালী কোঁৱৰ মুৰ্দাবাদ,মিতালী কোঁৱৰক বহিষ্কাৰ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক :শিশু নিৰ্যাতনৰ অভিযুক্তক গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ডিব্ৰুগড় আৰক্ষীৰ

কাৰ্যসূচীত অংশ লৈ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অবিনাশ শৰ্মাই কয়- 'শিশু নিৰ্যাতনৰ দৰে সমাজ কলুষিত কৰা এনে কাৰ্যৰ লগত জড়িত থকা মিতালী কোঁৱৰক মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত কৰিব লাগে । এনে মানসিকতাৰ মানুহক মৰাণ মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহয় । মহাবিদ্যালয়ৰ পৰিচালনা সমিতিক এক কঠোৰ সিদ্ধান্ত ল'বলৈ আহ্বান জনায় আছু নেতাজনে ।

মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

আনহাতে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰক মহাবিদ্যালয়ৰ পৰা অপসাৰণৰ দাবীত মৰাণ উত্তাল হৈ থকা সময়তে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি তিনিটাকৈ প্ৰস্তাৱ গ্ৰহণ কৰে ।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সুখ বৰুৱা,সদস্য তথা অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত লোৱা প্ৰস্তাৱত প্ৰথমে এই ঘটনাটোক পৰিচালনা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । দ্বিতীয়তে অধ্যক্ষাগৰাকীক গ্ৰেপ্তাৰ কৰা সময় যিহেতু 48 ঘন্টা উকলি গৈছে সেয়ে তেওঁক মহাবিদ্যালয় অধ্যক্ষা পদৰ পৰা বৰ্খাস্ত কৰিব লাগে । তৃতীয়তে এই মহাবিদ্যালয়খনত যোগ্যতা ভিত্তিত জ্যেষ্ঠ এগৰাকীক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিব লাগে ।

মিতালী কোঁৱৰক বৰ্খাস্তকৰণ সন্দৰ্ভত মন্ত্ৰী যোগেন মহন

ইয়াৰ উপৰিও আজি অনুষ্ঠিত হোৱা বৈঠকত কৰ্তৃপক্ষই পূৰ্বতে নিযুক্তি দিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ হিচাপে ভীম বৰুৱাক দায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লোৱাৰ উপৰিও পৰিচালনা সমিতিখনে অনুৰোধ কৰে । আজি এই বৈঠকৰ পিছতে পৰিচালনা সমিতিৰ সদস্য তথা মন্ত্ৰী যোগেন মহনে মহাবিদ্যালয়খনলৈ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবৰ বাবে সকলোকে আহ্বান জনায় । পৰিচালনা সমিতিয়ে লোৱা এই প্ৰস্তাৱক আদৰণি জনায় মৰাণ দল সংগঠনৰ লগতে ছাত্ৰ সমাজে ৷

লগতে পঢ়ক :ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী

ABOUT THE AUTHOR

...view details