টিংখাং, 2 ফেব্ৰুৱাৰীঃটিংখাঙত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বাতিলৰ দাবীত অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত গণ হুংকাৰ কাৰ্যসূচীৰে প্ৰতিবাদ । টিংখাঙৰ কোঁৱৰী গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই গণ হুংকাৰ কাৰ্যসূচীত বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই অংশগ্ৰহণ কৰি উদাত্ত কণ্ঠে চৰকাৰ আৰু জনপ্ৰতিনিধিক তীব্ৰ সমালোচনা কৰে ।
প্ৰতিবাদৰ মাজতে পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ - প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই
দেওবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত নাগৰিকত্ব (সংশোধনী) আইন, 2019ক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ গণ হুংকাৰ শীৰ্ষক প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই ৷ প্ৰতিবাদস্থলীৰ পৰাই পৰেশ বৰুৱাক বড়ো জাতিৰ পৰা শিক্ষা লৈ আলোচনালৈ আহিবলৈ আহ্বান শৃংখল চলিহাৰ ।
পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যিখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ৰাজনীতিৰ অ-আ-ক-খ শিকিলে সেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ পিচত সাহস আছে যদি মুখ্যমন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনত প্ৰৱেশ কৰি চাওঁক বুলি তীব্ৰ প্ৰত্যাহ্বান জনাই গৱেষক ছাত্ৰী জ্ঞানেশ্ৰী বৰাই ৷