অসম

assam

By

Published : Aug 25, 2022, 9:04 PM IST

ETV Bharat / city

ৰেষ্টোৰাত মাজুলীৰ কলা সংস্কৃতিক অপমানক লৈ অব্যাহত প্ৰতিক্ৰিয়া

ডিব্ৰুগড়ৰ 'আদিত্য ৰেচিডেঞ্চি মাজুলী' নামৰ ৰেষ্টুৰাখনত সত্ৰনগৰী মাজুলীৰ সংস্কৃতিক ডাইনিং মেটত উপস্থাপন কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া(Insulting art and culture of Majuli)। ডিব্ৰুগড়তো বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সমালোচনা কৰিছে ৰেষ্টোৰা কৰ্তৃপক্ষক ।

Organizations reacts on the issue of Aditya residency Majuli Restaurant
মাজুলীৰ কলা সংস্কৃতিক অপমান

মৰাণ, 25 আগষ্ট: গুৰু দুজনাৰ অমৰ সৃষ্টি মাজুলীৰ মুখা শিল্প আজিৰ দিনত বিশ্বজুৰি সমাদৃত । মাজুলীৰ মুখা শিল্প পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । তেনে এক অসমীয়া স্বাভিমান, গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক ডিব্ৰুগড়ৰ 'আদিত্য ৰেচিডেঞ্চি মাজুলী' নামৰ তিনি তাৰকা ৰেষ্টোৰাখনত অপমান কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া(Aditya Residency Majuli controversy) । মাজুলীৰ কলা সংস্কৃতিক অপমান কৰাক লৈ ডিব্ৰুগড়তো দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

দল-সংগঠনৰ প্ৰতিক্ৰিয়া

উল্লেখযোগ্য যে ডিব্ৰুগড়স্থিত 'আদিত্য ৰেচিডেঞ্চি মাজুলী ' নামৰ তিনি তাৰকা ৰেষ্টোৰাখনত অসমীয়াৰ বৰঘৰ মাজুলীৰ সংস্কৃতিক ডাইনিং মেটখনত উপস্থাপন কৰিছে(Majuli mask art presented on dining mat) । যাক লৈ এতিয়া সৰৱ হৈ পৰিছে বিভিন্নজন । আদিত্য ৰেচিডেঞ্চি মাজুলী কৰ্তৃপক্ষই এই ঘটনা সংঘটিত কৰাক লৈ আহোম জাতীয় গণ মঞ্চৰ সম্পাদক অকণ ভূঞাই কয়, অসমৰ গৌৰৱ মুখা শিল্প ডাইনিং টেবুলৰ মেট হিচাপে ব্যৱহাৰ কৰাটো অতি দুৰ্ভাগ্যজনক । এনে কাৰ্যৰ পৰা আদিত্য ৰেচিডেঞ্চি মাজুলী কৰ্তৃপক্ষক বিৰত থাকিবলৈ আহ্বান জনায় অকণ ভূঞাই ৷

মাজুলীৰ কলা সংস্কৃতিক অপমান

ভূঞাই লগতে ৰেষ্টোৰাখনৰ কৰ্তৃপক্ষক মাজুলীৰ সংস্কৃতিক সুন্দৰ ৰূপত উপস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই যাতে অতিথিসকলে এটা ভাল বাৰ্তা লৈ যাব পাৰে । কিন্তু অপমান কৰা কাৰ্য কেতিয়া মানি লোৱা নহ'ব বুলি তেওঁ কয় । আনহাতে এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইপাৰ ডিব্ৰুগড় জিলা সভাপতি নিপন ফুকনে কয়, আদিত্য ৰেচিডেঞ্চি মাজুলীয়ে যি কাৰ্য কৰিলে তাক লৈ আমি টাই আহোম যুৱ পৰিষদে অত্যন্ত দুখ প্ৰকাশ কৰিছো । এনে কাৰ্যৰ পৰা ৰেষ্টোৰা কৰ্তৃপক্ষক বিৰত থাকিবলৈ আহ্বান জনাই টাইপাৰ ডিব্ৰুগড় জিলা সভাপতিজনে ।

উল্লেখযোগ্য যে, এই বিষয়টো লৈ ৰাজ্যজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ পাছতে ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই মুখা শিল্প থকা ডাইনিং টেবুলৰ মেটসমূহ আঁতৰাই দিয়া পৰিলক্ষিত হৈছে(3 star restaurant insults mask art of Majuli) । ৰেষ্টুৰাখনৰ এনে কাৰ্যক লৈ বিতৰ্ক সৃষ্টি হ'ল যদিও এই সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই ।

লগতে পঢ়ক:মাজুলীৰ মুখা শিল্পক অপমান

ABOUT THE AUTHOR

...view details