অসম

assam

ETV Bharat / city

টিংখাঙত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ

টিংখাঙৰ ৰাজ্যিক পশু চিকিৎসালয়ত এজনো নাই পশু চিকিৎসক ৷ ফলত চিকিৎসক বিচাৰি হাহাকাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ৷

No Veterinary Doctor in Tingkhang State Veterinary Dispensary
টিংখাঙত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ

By

Published : Jul 8, 2021, 10:50 AM IST

টিংখাং, 8 জুলাই : ক'ভিডৰ ভয়াৱহতাৰ মাজতে ডিব্ৰুগড় জিলাৰ গ্ৰামাঞ্চলসমূহত পোহনীয়া জীৱ-জন্তুসমূহ আক্ৰান্ত হৈছে অচিন ৰোগত । কিন্তু ডিব্ৰুগড় জিলাখনৰ প্ৰায় সকলো বিলাক পশু চিকিৎসালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে কাৰণ প্ৰায়বোৰ চিকিৎসালয়তে চিকিৎসকৰ অভাৱ । যদিও কোনো কোনো চিকিৎসালয়ত চিকিৎসক আছে, যদিও উপযুক্ত সা-সুবিধা নথকাৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে পশুপালকসকল ৷ উন্নত চিকিৎসা নোপাৱাৰ বাবে ডিব্ৰুগড় জিলাৰ লগতে বিভিন্ন প্ৰান্তত পশুধনৰ অকাল মৃত্যু মুখত পৰিছে ৷

সমান্তৰালকৈ টিংখাঙৰ ৰাজ্যিক পশু চিকিৎসালয়খনৰো তথৈবচ অৱস্থা ৷ দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত নাই এজনো পশু চিকিৎসক ৷ ফলত পশুধনৰ চিকিৎসা কৰাবৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পশুপালকসকলৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । টিংখাঙৰ ৰাজ্যিক পশু চিকিৎসালয়ত বিগত চাৰিমাহে উপস্থিত নাই পশু চিকিৎসকগৰাকী ৷

পশু চিকিৎসকজন অন্য ঠাইলৈ বদলি হৈ যোৱাত মাত্ৰ দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসালয়খন কৰিছে তদাৰক ।

টিংখাঙত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ

উল্লেখ্য যে, টিংখাঙৰ ৰাজ্যিক পশু চিকিৎসালয়খন হৈছে টিংখাং অঞ্চলৰ একমাত্ৰ পশুধনৰ চিকিৎসালয় । বাৰিষা অহাৰ লগে লগে অঞ্চলটোত থকা প্ৰায়সংখ্যক পশুধনে আক্ৰান্ত হৈছে অচিন ৰোগত ৷ কিন্তু পশুধনৰ অচিন ৰোগ চিকিৎসা কৰাবৰ বাবে নাই উপযুক্ত ব্যৱস্থা ৷

এক ৰাজ্যিক পশু চিকিৎসালয়খন আছিল যদিও নাই এজনো চিকিৎসক ৷ ফলত বহুলোকৰ পশুধন মৃত্যু হোৱাৰ উপৰিও আক্ৰান্ত হৈ আছে বহু পশুধন ৷ টিংখাং ৰাজ্যিক পশু চিকিৎসালয়খনৰ অন্তৰ্গত দিল্লীবাৰী, ৰাজগড় উপ পশু চিকিৎসালয় দুখনতো নাই পশু চিকিৎসক ৷

চিকিৎসকতো নাইয়ে ঔষধ-পাতিকে ধৰি কোনো ধৰণৰ উপযুক্ত সা-সুবিধা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ পশুপালনৰ বাবে সুবিধা হোৱাকৈ চিকিৎসালয়খনত পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক নিযুক্তি দিয়াৰ লগতে প্ৰয়োজনীয় ঔষধ যোগান ধৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে লগতে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে । ৰাজ্য চৰকাৰ তথা পশু পালন বিভাগে পশু পালন, মীন পালন ইত্যাদি বিভিন্ন ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ কথা কৈ থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত পশুপান ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বেছি সংখ্যক পশু চিকিৎসালয়ত নাই চিকিৎসক ।‌

মৰাণ বিধানসভা সমষ্টিৰ নাহৰণিত থকা পশু উপ স্বাস্থ্যকেন্দ্ৰটো দীৰ্ঘদিন চিকিৎসক নথকাত পৰিত্যক্ত অৱস্থা হৈছে । বৃহত্তৰ নাহৰণি অঞ্চলৰ পশুধনৰ চিকিৎসাৰ সহায় হোৱাৰ উদ্দেশ্য স্থাপন কৰা হৈছিল পশু চিকিৎসালয় কেন্দ্ৰটো ৷ চৰকাৰে পশু চিকিৎসালয়খন স্থাপন কৰিলে ঠিকেই কিন্তু আজিলৈকে চিকিৎসালয়খনত দেখা নগ'ল এজনো পশু চিকিৎসকক ৷ ফলত দীৰ্ঘদিনে বন্ধ হৈ থকাত পশুপালকৰ লগতে পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে বহু সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ।

লগতে পঢ়ক- পাঠাক কিয় গুলীয়ালে মৰিগাঁও আৰক্ষীয়ে ?

ABOUT THE AUTHOR

...view details