অসম

assam

By

Published : Aug 19, 2021, 2:30 PM IST

ETV Bharat / city

অতি শীঘ্ৰেই নামৰূপত স্থাপন হ'ব নেন' ইউৰীয়া প্ৰকল্পৰ আধাৰশিলা

ৰাজ্যবাসীলৈ ভাল খবৰ ৷ অতি শীঘ্ৰেই নামৰূপত নেন' ইউৰীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মান্দাভিয়াই । বিগত সময়ছোৱাত ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে(ইফকো) প্ৰস্তুত কৰা নেন' ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এক আলোচনাত নেন' ইউৰীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব বুলি অৱগত কৰাৰ লগতে চলিত বৰ্ষৰ ভিতৰতে চতুৰ্থ গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Neno uria project will inaugurated by Central fertilizer minister
নামৰূপত নেন' ইউৰীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় সাৰ মন্ত্ৰী মংসুখ মন্দিয়াই

মৰাণ, 19 আগষ্ট : ৰাজ্যবাসীৰ বাবে ভাল খবৰ । কম দিনৰ ভিতৰতে নামৰূপত নেন' ইউৰীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনসুখ মান্দাভিয়াই । এই কথা জানিবলৈ দিছে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ।‌

জানিব পৰা মতে, মঙলবাৰে গুৱাহাটীৰ ষ্টাফ কলেজত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী , বিধায়ক তৰংগ গগৈয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু সাৰ মন্ত্ৰী মনসুখ মান্দাভিয়াৰ সৈতে নামৰূপ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ চতুৰ্থ গোটৰ নিৰ্মাণ সম্পৰ্কে এক আলোচনাত মিলিত হয় ।

নেন' ইউৰীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মংসুখ মন্দিয়াই

এই আলোচনা কালত মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই উদ্যোগটোৰ বাবে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰি থোৱা 100 কোটি টকাৰ পেকেজ মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰাৰ লগতে উদ্যোগটোত চতুৰ্থ গোট নিৰ্মাণ কৰাৰ উপৰিও অত্যাধুনিক পদ্ধতিৰে নেন' ইউৰীয়া উৎপাদনৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে। এই আলোচনাৰ পাছতে সাৰ মন্ত্ৰীগৰাকীয়ে আগন্তুক দুমাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সৈতে নামৰূপ পৰিভ্ৰমণ কৰি নিজেই এই নেন' ইউৰীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব বুলি সভাত অৱগত কৰাৰ লগতে চলিত বৰ্ষৰ ভিতৰতে চতুৰ্থ গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইউৰীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় সাৰ মন্ত্ৰী মংসুখ মন্দিয়াই

কিছুদিন পূৰ্বে ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড(ইফকো)এ প্ৰস্তুত কৰা নেন' ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনতা ভৱনৰ নিজা কার্যালয়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰে ৷ ফ্লেগ অফ কৰাৰ পাচতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ইফকোৰ এই পদক্ষেপক আধুনিক কৃষিৰ ইতিহাসত এক যুগান্তৰকাৰী ঘটনা বুলি অভিহিত কৰে ৷

অসমত নেন' ইউৰিয়া উৎপাদনৰ এক প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ ইফকোৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইফকোক এই উদ্ভাৱনী প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ভৱিষ্যতেও ইফকোৱে কৃষি খণ্ডত দৃষ্টান্তমূলক পৰিৱৰ্তনেৰে আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে ৰাজ্যখনত সাৰৰ অভাৱৰ বিষয়টো চোৱাচিতা কৰি সময়মতে যোগান ধৰিবলৈ ইফকোক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক:কেঁচা চাহপাত ছটিয়াই প্ৰতিবাদ কৰাৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

ABOUT THE AUTHOR

...view details