অসম

assam

ETV Bharat / city

'কা' আন্দোলনে নষ্ট কৰিলে অসমৰ এটা বছৰ : মন্ত্ৰী বিমল বৰা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে কা আন্দোলনক কঠোৰ সমালোচনা কৰি আহিছিল বৰ্তমানৰ শক্তি, ক্ৰীড়া, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই । বুধবাৰে সোণাৰিত মন্ত্ৰীগৰাকীয়ে কা আন্দোলনৰ বাবেই অসমৰ উন্নয়নত স্থবিৰতা অহা বুলি মন্তব্য কৰে ৷

By

Published : Aug 19, 2021, 10:26 AM IST

minister-bimal-borah-critisized-caa-protesters-etv-bharat-assam
'কা' আন্দোলনে নষ্ট কৰিলে অসমৰ এটা বছৰ : মন্ত্ৰী বিমল বৰা

মৰাণ, 19 আগষ্ট :কা আন্দোলনৰ বাবেই অসমৰ উন্নয়নত স্থবিৰতা আহিল ৷ মন্ত্ৰী বিমল বৰাই ব্যক্ত কৰিছে এই কথা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত হোৱা আন্দোলন আৰু আন্দোলনকাৰীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৰে কঠোৰ সমালোচনা কৰি আহিছিল বৰ্তমানৰ শক্তি, ক্ৰীড়া, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ।

'কা' আন্দোলনে নষ্ট কৰিলে অসমৰ এটা বছৰ : মন্ত্ৰী বিমল বৰা

চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা বিমল বৰাই মঙলবাৰে সোণাৰিত উপস্থিত হৈ জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । ইয়াৰ পাছতে চৰাইদেউৰ অভিভাৱক মন্ত্ৰীজনে সাংবাদিকৰ আগত কয় যে, ক'ভিড পৰিস্থিতি ক্ৰমান্বয়ে সুস্থ হোৱাৰ লগে লগে ৰাজ্যৰ লগতে চৰাইদেউৰ সকলো উন্নয়নমূলক কাম পৰ্যায়ক্ৰমে আগবঢ়াই নিয়া হ'ব ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাখনত জিলাখনৰ চৰকাৰী বিভাগসমূহৰ বিষয়াসকলে কাম-কাজৰ খতিয়ান দাঙি ধৰে । ইপিনে এই সাক্ষাতত চৰাইদেউত ক’ভিড প্ৰায় নিয়ন্ত্ৰণ হোৱা বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:আজি বিশ্ব মানৱতা দিৱস

ABOUT THE AUTHOR

...view details