মৰাণ, 30 জানুৱাৰী : "কবিতা লিখাত ব্যস্ত থাকিলে কংগ্ৰেছৰ গ্ৰহণযোগ্যতা একেবাৰেই নোহোৱা হ'ব..." এইবাৰ ভূপেন বৰাৰ কবিতা (Bhupen kumar Borah's poem)ক লৈ মন্ত্ৰী বিমল বৰা ৷ শেহতীয়াকৈ ৰাজনীতিত চলিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিতাৰ চৰ্চা ৷ এই কবিতাৰ ৰাজনীতিয়ে উত্তাল কৰি তুলিছে এতিয়া অসমৰ ৰাজনীতি৷ তেনে সময়তে ভূপেন বৰাৰ কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ পাছতে শাসক দলৰ মন্ত্ৰী বিধায়ক নেতা সকলোৱে কংগ্ৰেছৰ সভাপতি গৰাকীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।
ইয়াৰ পাছতে দেওবাৰে ভূপেন বৰাৰ কবিতাক লৈ মন্ত্ৰী বিমল বৰা সৰৱ হৈ উঠিল (Minister Bimal Borah criticize Bhupen kumar Borah's poem) ৷ দেওবাৰে খোৱাং মহাবিদ্যালয়ৰ আদৰণি আৰু সম্বৰ্ধনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মন্ত্ৰী বিমল বৰাই কয় যে, " যাৰ প্ৰতিভা আছে তেওঁ কবিতা লিখিবই ৷ কিন্তু কবিতাৰ প্ৰতিভাৰ লগত কবিতাৰ অৰ্থ বিলাক মিলিলেহে ভাল লাগে ।