অসম

assam

By

Published : Nov 21, 2021, 10:27 PM IST

ETV Bharat / city

Launching of drone survey: ড্ৰোণ কেমেৰাৰে কৰা হ’ব ভূমি জৰীপ

ৰাজ্যত উন্নত প্ৰযুক্তিৰে ভূমি জৰীপৰ বাবে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছে ড্ৰোণ কেমেৰা ৷ ডিব্ৰুগড় জিলাৰ মৰাণত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ৷ প্ৰথম অৱস্থাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ব্যৱহাৰ কৰা হ'ব এই ড্ৰোণ ৷

minister jogen mohan
মন্ত্ৰী যোগেন মহন

মৰাণ, 21 নৱেম্বৰ :ক্ৰমাৎ জনপ্ৰিয় হ'বলৈ ধৰা অসম চৰকাৰৰ 'মিছন বসুন্ধৰা' আঁ‌চনি ক্ষীপ্ৰতাৰে সফল ৰূপায়ণৰ বাবে উঠি পৰি লাগিছে অসম চৰকাৰৰ ৰাজহ বিভাগ । ইয়াৰে অংশ হিচাপে মৰাণত পোন প্ৰথমবাৰৰ বাবে ড্ৰোণ চাৰ্ভেৰ জৰিয়তে ভূমি জৰীপ চলোৱা কামৰ শুভাৰম্ভ কৰা হয় । ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ৭৭১ খন গাঁৱৰ নক্সা ইতিমধ্যে নষ্ট হোৱাৰ লগতে বহু অঞ্চলৰ নক্সা এতিয়াও সঠিক ৰূপত নাই । এই নক্সাসমূহ পুনৰ প্ৰস্তুত কৰাৰ বাবে এই ড্ৰোণ ব্যৱহাৰ কৰা হ'ব ।

প্ৰথম অৱস্থা এই ড্ৰোণ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ব্যৱহাৰ কৰা হ'ব যদিও পিছৰ পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত এই ড্ৰোণৰ জৰিয়তে ভূমি জৰীপ চলোৱা হ'ব । দেওবাৰে মৰাণৰ পল' ফিল্ডত অনুষ্ঠিত হোৱা Launching of Drone servey শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে এই মন্তব্য কৰে । মন্ত্ৰীজনে উল্লেখ কৰা অনুসৰি গাঁৱে-ভূঞে অনুষ্ঠিত হৈ থকা ৰাজহ আদালত আৰু মিছন বসুন্ধৰাৰ যোগেদি বৰ্তমানলৈ ২ লাখ ১২ হাজাৰ অভিযোগ দাখিল হৈছে আৰু অহা ৩০ তাৰিখলৈকে অভিযোগৰ সংখ্যা ৩ লাখ অতিক্ৰম কৰিব । এই সকলো অভিযোগ ১০ মে’ৰ ভিতৰত নিষ্পত্তি কৰা হ'ব ।

অসমত প্ৰথমবাৰলৈ ভূমি জৰীপৰ বাবে ড্ৰোণ কেমেৰাৰ ব্যৱস্থা

কেৱল মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়তে ২৩৮ খন মেপ নষ্ট হৈ আছে ৷ এই মেপসমূহ ১০ মে’ ভিতৰত পুনৰ ঠিক কৰা হ'ব বুলি মন্ত্ৰীজনে উল্লেখ কৰে । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, অসম চৰকাৰৰ ভূমিলেখ্য অধিকৰ্তা জ্ঞানন্দ দেৱ ত্ৰিপাঠী, অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু মৰাণৰ ৰাজহ চক্ৰ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে ৷

অনুষ্ঠানটোত ৰাইজক জানিবলৈ দিয়া অনুসৰি কেৱল গাঁও বা চহৰেই নহয়, চাহ বাগিচাসমূহতো ভূমি জৰীপ চলোৱা হ'ব । চৰকাৰৰ লগত থকা চুক্তি অনুসৰি প্ৰকৃততে কিমান ভূমি অধিগ্ৰহণ কৰি আছে চাহ বাগিচা কৰ্তৃপক্ষই সেই কথা স্পষ্ট হ'ব এই কাৰ্যসূচীৰ জৰিয়তে । সমাধান হ'ব খিলঞ্জীয়া লোকৰ ভূমি সম্পৰ্কীয় সকলো সমস্যা । ইফালে গাঁওবিলাকত ড্ৰোণ কেমেৰাৰ যোগেদি এই জৰীপ চলোৱা হ'ব যদিও প্ৰকৃত নক্সা মণ্ডলে ঠিক কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :মিছন বসুন্ধৰাৰ জনপ্ৰিয়তা বৃদ্ধি : দৈনিক গড়ে প্ৰায় দুই হাজাৰ লোকৰ আবেদন

ABOUT THE AUTHOR

...view details