অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ত কৃষক মুক্তিৰ প্ৰতিবাদ - ডিব্ৰুগড়

আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তা তথা অকৰ্মণ্যতাৰ বাবেই চাহ জনগোষ্ঠীয় লোকে প্ৰাণ হেৰুৱাৰ অভিযোগ কৃষক মুক্তিৰ

কৃষক মুক্তিৰ প্ৰতিবাদ

By

Published : Feb 24, 2019, 10:23 PM IST

ডিব্ৰুগড়,২৪ ফেব্ৰুৱাৰী: দেওবাৰে পুৱাৰ ভাগত ডিব্ৰুগড়ত মহাবাহুত উটুৱাই দিয়া হয় বগা কাপোৰেৰে ঢকা দুটা দেহ । ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উতি যায় কৃষক মুক্তিয়ে উটুৱাই দিয়া দেহ দুটা । এই দৃশ্য চোৱাৰ পাচত আপুনি হয়তো ভাবিছে কোনো বিশেষ লোকৰ মৃত্যুত এইদৰে ব্ৰহ্মপুত্ৰত উটোৱা হৈছে মৃতদেহ দুটা। কিন্তু প্ৰকৃততে এইয়া কৃষক মুক্তিৰ এক ব্যতিক্ৰমী প্ৰতিবাদ হে ।

কৃষক মুক্তিৰ প্ৰতিবাদ

গোলাঘাটৰ সুৰাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি দেওবাৰে এনেদৰে কৃষক মুক্তিয়ে উটুৱাই দিয়ে মুখ্যমন্ত্ৰী আৰু আবকাৰী মন্ত্ৰীৰ প্ৰতিকৃতি । লগতে চৰকাৰৰ লুভীয়া নীতিৰ কাৰণেই ১৫০ জনৰো অধিক লোকে সুৰাপানৰ ফলত প্ৰাণ হেৰুৱাব লগা হ'ল বুলি অভিযোগ কৰে কৃষক মুক্তিয়ে । আনহাতে আবকাৰী বিভাগৰ নিস্ক্ৰিয়তা তথা অকৰ্মণ্যতাৰ বাবেই গোলাঘাটত ১৫০ ৰো অধিক চাহ জনগোষ্ঠীয় লোকে প্ৰাণ হেৰুৱালে বুলি মন্তব্য কৰে কৃষক মুক্তিৰ একাংশ সদস্যই ।

ABOUT THE AUTHOR

...view details