অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ত জল জীৱন মিছনৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ উদ্বোধন

দেশৰ প্ৰতিটো পৰিয়ালক 2024 চনৰ ভিতৰত ঘৰুৱা পানীকলৰ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ উদ্দেশ্যে দেশত আৰম্ভ হৈছে জল জীৱন মিছন আঁচনিৰ কাম ৷ মঙলবাৰে ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনে উদ্বোধন কৰিলে কেইবাটাও আঁচনিৰ প্ৰকল্প ৷

By

Published : Aug 31, 2021, 10:18 PM IST

jal-jeevan-scheme-inaugurations-at-dibrugarh
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো জল জীৱন মিছনৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ উদ্ধোধন

ডিব্ৰুগড়,31 আগষ্ট:''ঘৰ ঘৰ নল চে জল'' এয়া আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ৷ এতিয়া প্ৰধান মন্ত্ৰীৰ সেই সপোন ক্ৰমান্বয়ে বাস্তৱ হোৱাৰ দিশত । ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ গাঁও সমূহত এই জল জীৱন আঁচনি খন সাকাৰ হৈ উঠিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো জল জীৱন মিছনৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ উদ্ধোধন

উল্লেখযোগ্য যে, ৰাইজক বেক্টেৰিয়া ফ্ৰী পানী খোৱাবৰ বাবে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে এই আঁচনি দেশৰ প্ৰতিঘৰ লোকৰ পদূলিত উপলব্ধ কৰাইছে চৰকাৰে । জানিবপৰা মতে, জল জীৱন মিছনৰ দ্বাৰা "হাৰ ঘৰ জল'' আঁচনিৰে জৰিয়তে নলযোগে ঘৰুৱা খোৱাপানী সংযোগৰ এই আঁচনিৰ বাবে ৰাজ্যত কেন্দ্ৰ চৰকাৰে 1460 কোটি টকাৰ ধনৰ মঞ্জুৰী দিছিল।

লগতে পঢ়কঃ ধুবুৰীত জল জীৱন আঁচনিত নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ

এই আঁচনিৰ অধীনত মঙলবাৰে একে সময়তে প্ৰায় 2 লাখ আঁচনিৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰা হৈছে । আঁচনিখনৰ জৰিয়তে বিশুদ্ধ পানী লাভ কৰিব সাধাৰণ জনতাই । ৰাজ্যত এই আঁচনিৰ প্ৰকল্পই চুই গৈছে সকলো গ্ৰাম্যঞ্চল । আজি ৰাজ্যত একে সময়তে এই আঁচনিৰ প্ৰায় 2 লাখ প্ৰকল্পৰ উদ্বোধন সময়তে ডিব্ৰুগড়ৰ জামিৰাৰ ৰৌমাৰি গাঁও অঞ্চলত বিধায়ক প্ৰশান্ত ফুকনে উদ্বোধন কৰিলে ৰৌমাৰি গাঁও পানী যোগান আঁচনিৰ ।

বিধায়ক গৰাকীয়ে গাঁওৱাসীৰ পদূলিত মাংগলিক কাৰ্যসূচী আৰু এখনি সভাৰ জৰিয়তে এই প্ৰকল্পৰ শুভ উদ্বোধন কৰে । একে সময়তে উক্ত অঞ্চলতোত এই আঁচনিৰ অধীনত আন কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰা হয় । আচঁনি উদ্বোধনৰ সময়ত বৰবৰুৱা খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ বিষয়ববীয়াসহ জন স্বাস্থ্য কাৰকৰী বিভাগৰ বিষয়া আৰু স্থানীয় ভালে সংখ্যক লোক উপস্থিত থাকে ৷

লগতে পঢ়কঃ NRCৰ ৩৬০ কোটি টকাৰ কেলেংকাৰীক লৈ পুনৰ সৰৱ আসাম পাব্লিক ৱৰ্কছ

ABOUT THE AUTHOR

...view details