ডিব্ৰুগড়, ৮ মে': ডিব্ৰুগড়ৰ থানা চাৰিআলিত AS-22-2577 নম্বৰৰ মোবাইল ফুড ভানত হোৱা অগ্নিকাণ্ডৰ ফলত ৰাজপথতে দাও দাওকৈ জ্বলি উঠে। বিয়লি প্ৰায় ৩ বজাত ধাৰাষাৰ বৰষুণৰ মাজতে চালকে ভানখন চলাই থকা অৱস্থাতে থানা চাৰিআলিৰ প্ৰাংগণতে এই ঘটনা ঘটে। ভানখনত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰটোৰ বিস্ফোৰণৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অৱশ্যে কথমপি ৰক্ষা পৰে ভানখনৰ চালক আনচাৰ আহমেদ।
ডিব্ৰুগড়ত ফুড ভানত ভয়ংকৰ অগ্নিকাণ্ড - ETV BHARAT
ডিব্ৰুগড়ৰ থানা চাৰিআলিত ফুড ভানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কথমপি ৰক্ষা পৰে ভানখনৰ চালক আনচাৰ আহমেদ । ডিব্ৰুগড় নগৰত সম্পূৰ্ণ নথি-পত্ৰবিহীন ভাৱে এনে বহু ফাষ্টফুড ভান চলি অহাৰ অভিযোগ ৷
ডিব্ৰুগড়ত ফুড ভানত ভয়ংকৰ অগ্নিকাণ্ড
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবেই পথেৰে চলাচল কৰা অন্যান্য যানবাহন আৰু জনসাধাৰণৰ কোনো ক্ষতিসাধন নহ'ল। ডিব্ৰুগড় নগৰত সম্পূৰ্ণ নথি-পত্ৰবিহীন ভাৱে এনেদৰে বহু ফাষ্টফুড ভানে ৰন্ধন গেছ ব্যৱহাৰ কৰি জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ ডিব্ৰুগড়ত ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে।