অসম

assam

ETV Bharat / city

চৰকাৰলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 10 লাখ টকাৰ চেক প্ৰদান - 10 lac check by du

মুখ্যমন্ত্ৰীৰ ক’ভিড সাহায্য পুঁজিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰ্থিক অনুদান ৷ সোমবাৰে 10 লাখ টকাৰ চেক প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ৷

dibrugarh university provide check to cm arogyo nidhi
চৰকাৰলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 10 লাখ টকাৰ চেক প্ৰদান

By

Published : Jun 14, 2021, 10:54 PM IST

ডিব্ৰুগড়, 14 জুন : সমগ্ৰ দেশবাসীৰ লগতে অসমৰ জনসাধাৰণক ক’ভিড মহামাৰীয়ে বিভিষিকা নমাই অনা কাৰ্যত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ব্যথিত কৰি তুলিছে । ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুজিলৈ 10 লাখ টকাৰ চেক প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

সোমবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয় কক্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড৹ লীলা কান্তনাথ আৰু যুটীয়া পঞ্জীয়ক (প্ৰশাসনে) ড৹ পৰমানন্দ সোণোৱালে বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰীৰ ক’ভিড সাহায্য পুঁজিলৈ আগবঢ়োৱা দহ লাখ টকা সাহায্যৰ চেক মুখ্যমন্ত্ৰী হাতত অৰ্পণ কৰে ।

এই অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ড । এই সাহায্য গ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক, বিষয়া আৰু কৰ্মচাৰীসকলে নিজৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ ক’ভিড পুঁজিলৈ বুলি আগবঢ়ায় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ দৈনিক চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ সাহায্য প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :ৰাজ্যত দুয়ো পালি ভেকচিন লোৱা কৰ্মচাৰীয়ে আহিব পাৰিব কাৰ্যালয়লৈ

ABOUT THE AUTHOR

...view details