অসম

assam

ETV Bharat / city

চৰকাৰে বিধানসভাৰ মৰ্যাদা অক্ষুন্ন ৰাখক: শংকৰজ্যোতি বৰুৱা - cattle preservation bill

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰ খনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ডিব্ৰুগড়ৰ কৃষক ৰাইজ ৷ অতিশীঘ্ৰে বলধমুক্ত অসম গঢ়াৰ যি ৰাজনৈতিক ষড়যন্ত্ৰ নামিছে ইয়াৰ বিৰুদ্ধে সদায় মাতি মাতি যাব বুলি ক্ষুব্ধ হৈ পৰে কৃষকসকল ৷

Dibrugarh Farmers reacts on new act of cow
বিধানসভাৰ মান-মৰ্যদা অক্ষুন্ন ৰাখক:শংকৰজ্যোতি বৰুৱা

By

Published : Jul 20, 2021, 11:20 AM IST

মৰাণ, 20 জুলাই :চলিত বিধানসভাত চৰকাৰে কেৱল গাই গৰুক প্ৰাধান্য দিয়াৰ আইন প্ৰস্তুতৰ বাবে তৎপৰ হোৱাৰ ললে লগেই ক্ষোভ প্ৰকাশ কৰে ৰাজ্যৰ কৃষকসকলে ৷ ৰাজ্য ৰাজনীতিত গৰুক লৈ চৰ্চা চলি থকা সময়তে ৰাজ্যত এতিয়াও গৰুৰ ওপৰত ভিত্তি কৰিয়ে কৃষক সকলে বিভিন্ন কৃষি কৰ্মত নিয়োজিত হৈ আছে ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো বহু কৃষকে গৰুৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন কৃষি কৰ্ম কৰিয়েই দুবেলা দুমুঠি খাই পৰিয়াল পোহপাল দি আহিছে ৷

কিন্তু ইয়াৰ বিপৰীতে অপৰাধ মুক্ত অসম গঢ়িবলৈ বিচৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰ খনে এতিয়া থাউকতে বলধমুক্ত অসম গঢ়ি তুলিবলৈ বিচাৰিছে ৷ কিন্তু চৰকাৰে ৰাজ্যৰ কৃষকসকলৰ সমস্যা আওকাণ কৰি ইখনৰ পিছত সিখন কৃষক বিৰোধী আইন উত্থাপন কৰিছে বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ডিব্ৰুগড়ৰৰ কৃষক সকল ৷ কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমত বলধ বা হালোৱাৰ প্ৰাসংগিকতা সদূৰ প্ৰসাৰী ৷ কিন্তু সেই কথা দিছপুৰৰ দৃষ্টিত নপৰিল বুলি ক্ষোভ প্ৰকাশ কৰে কৃষকসকলে ৷

বিধানসভাৰ মান-মৰ্যদা অক্ষুন্ন ৰাখক:শংকৰজ্যোতি বৰুৱা

চৰকাৰে বিচাৰে চাৰিওফালে গাই গৰুৰেই ভৰি পৰক ৷ এনে আজৱ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰা চৰকাৰখনৰ পদক্ষেপৰ সৰৱ চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত । কিন্তু খেতি পথাৰত জড়িত চহা খেতিয়কে কি কয় এই বিষয়ত সেই কথা শুনাৰ আহৰি নাই বিজেপি চৰকাৰখনৰ ।

আজিও গৰুৰ ওপৰতে নিৰ্ভৰ কৰিয়েই খেতি-বাতি কৰি অহাৰ লগতে গৰু পালন কৰিও বহু পৰিয়ালে চলি আছে ৷ কৃষক বিৰোধী আইন উত্থাপন কৰাক লৈ ডিব্ৰুগড়ৰ খেতিয়ক ৰাইজে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । সমান্তৰালকৈ চৰকাৰ এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) সম্পাদক শংকৰজ্যোতি বৰুৱাই (Sankarjyoti Baruah)। তেওঁ কয়, যি সময়ত বিধানসভাৰ মজিয়াত উন্নয়নৰ কথা আলোচনা হ'ব লাগিছিল, তেনে সময়ত কিছু অপ্ৰাক্ষংগিক কথাই স্থান লাভ কৰিছে ।

সম্পাদক গৰাকীয়ে লগতে কয়, চৰকাৰৰ বলধমুক্ত অসম আঁচনি কিমান দূৰ সফল হয় সেয়া সময়েহে ক’ব ৷ কিন্তু চৰকাৰখনৰ কেতবোৰ পদক্ষেপে যে চৰকাৰখনক হাঁহিয়াতৰ পাত্ৰ কৰিছে তাৰ লেখ কোনে ল’ব বুলি চৰকাৰৰ খনক তীব্ৰ কটাক্ষ কৰে ৷ কৃষকৰাইজৰ সমস্যাসমূহৰ প্ৰতি লক্ষ্য় ৰাখি অতিশীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক-পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

ABOUT THE AUTHOR

...view details