অসম

assam

ETV Bharat / city

লেপেটকটাৰ পথ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সোণোৱালৰ - বৰযাত্ৰী কঢ়িয়াই নিয়া বলেৰ' বাহনৰ দুৰ্ঘটনা

ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত পথ দুৰ্ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ আনহাতে, দুৰ্ঘটনাৰ ফলত আহতসকলৰ আশু-আৰোগ্য কামনাৰ লগতে তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

CM Sonowal's reaction on Lepetkata accident
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Nov 26, 2020, 6:03 PM IST

ডিব্ৰুগড়, 26 নৱেম্বৰ : ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত পথ দুৰ্ঘটনাত 6 জনকৈ লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে, দুৰ্ঘটনাৰ ফলত আহতসকলৰ আশু-আৰোগ্য কামনাৰ লগতে তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনাই একেলগে প্ৰাণ কাঢ়িলে 6 গৰাকী লোকৰ ৷ বৰযাত্ৰী কঢ়িয়াই অনা এখন বলেৰ' বাহনে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈ বলেৰ' খনত থকা ছয় গৰাকী লোকৰ মৃ্ত্যু হয় ৷

ধেমাজিৰ পৰা কূটোহা অভিমুখে আহি থকা অৱস্থাত পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ ঠিক পাছ মুহূৰ্ততে যাত্ৰী কেইগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

নিহত লোক কেইগৰাকী দেৱ বৰা, হেম বৰা, মদন বৰা, জীৱন শইকীয়া,প্ৰকাশ দাস, কনপাই ভূঞা বুলি জানিব পৰা গৈছে ৷ নিহত লোককেইজন ক্ৰমে দেৱ বৰা (৬৭), হেম বৰা (৫৭), মদন বৰা (৬৫), কনপাই ভূঞা (৬৭), জীৱন শইকীয়া (৬০) আৰু চালক প্ৰকাশ দাস (৩০) ।

লগতে পঢ়ক :৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details