মৰাণ, 25 অক্টোবৰ :প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে থাওৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে থাওৰাৰ বাম ৰজাবাৰী উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰক লৈ অসমৰ ৰাইজ সুখী হৈছে বুলি মন্তব্য কৰে ।
সোণোৱালে দিল্লী আৰু দিছপুৰৰ চৰকাৰে অসমৰ জনগণৰ বাবে যি ধৰণে দৃঢ়তাৰে কাম কৰিছে তাৰ ফলত অসমৰ প্ৰতিটো জনগোষ্ঠী সুৰক্ষিত বুলি উল্লেখ কৰে । তেওঁ অসমৰ জনতা বিজেপিৰ পক্ষত আছে সেইকথা প্ৰমাণ হৈছে বুলি উল্লেখ কৰি থাওৰাতো সুশান্ত বৰগোঁহাই বিপুল ভোটত জয়ী হ'ব জানিবলৈ দিয়ে । তেওঁ লগতে অসমত কোনো দলৰ স্থান আৰু ভবিষ্যতে নাই বুলিও নিৰ্বাচনী প্ৰচাৰ সভাত সদৰি কৰে ।