অসম

assam

ETV Bharat / city

গ্ৰাম্য সমাজ জীৱনক ছাত্ৰ-ছাত্ৰীৰ মাজত তুলি ধৰাৰ চেষ্টা সোণাৰি জুনিয়ৰ কলেজৰ

ছাত্ৰ-ছাত্ৰীৰ মূল্যবোধৰ অৱক্ষয় হোৱা বুলি আজিৰ সমাজত আলোচনা হোৱা সময়তে চৰাইদেউ সোণাৰিৰ এখন শিক্ষানুষ্ঠানে লৈছে ব্যতিক্ৰমী পদক্ষেপ । কেৱল পাঠ্যপুথিগত শিক্ষাই নহয়, ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে দায়বদ্ধতাৰে আগবাঢ়িছে সোণাৰি জুনিয়ৰ কলেজ ।

By

Published : Nov 13, 2021, 6:54 PM IST

An unique step taking by Sonari Junior College
গ্ৰাম্য সমাজ জীৱনক ছাত্ৰ-ছাত্ৰীৰ মাজত তুলি ধৰাৰ চেষ্টা সোণাৰি জুনিয়ৰ কলেজৰ

মৰাণ, ১৩ নৱেম্বৰ :সোণাৰিৰ অন্যতম শিক্ষানুষ্ঠান সোণাৰি জুনিয়ৰ কলেজত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া উৎসৱত কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক লৈ আয়োজন কৰিছে কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠান । পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে সামাজিক, ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিও আগ্ৰহী কৰি তুলিবলৈ সোণাৰি জুনিয়ৰ কলেজৰ বাৰ্ষিক ক্ৰীড়া উৎসৱত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহুকেইটা আটকধুনীয়া অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে ।

সোণাৰি জুনিয়ৰ কলেজৰ অধ্যক্ষা ৰশ্মি মহন

এই ক্ৰীড়া উৎসৱত পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰকল্প, সংগীত, সাহিত্য আদিৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । প্ৰতিযোগিতাৰ অংশ হিচাপে চাউল জৰা কাৰ্যকো অন্তৰ্ভুক্ত কৰাত অসমৰ গ্ৰাম্যজীৱনৰ অপৰিহাৰ্য্য অংগক লৈ ছাত্ৰীসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয় ।

জীৱনত নিত্য প্ৰয়োজনীয় কৰ্মকো ক্ৰীড়া প্ৰতিযোগিতা হিচাপে অন্তৰ্ভুক্ত কৰাত বিশেষভাৱে আকৰ্ষিত কৰিছে ছাত্ৰীসকলক । মহাবিদ্যালয়খনৰ অধ্যক্ষা ৰশ্মি মহনৰ মতে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিব নোৱাৰিলে সমাজ এখন সুষ্ঠ নহয় । সেই বাবেই সোণাৰি জুনিয়ৰ কলেজৰ বাৰ্ষিক ক্ৰীড়া উৎসৱত পাঠ্যপুথি শিক্ষাৰ লগতে আন কেতবোৰ অনুষ্ঠান অথবা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ সিদ্ধান্ত লয় কলেজ কৰ্তৃপক্ষই ।

লগতে পঢ়ক :APDCL recruitment : অৱশেষত বাতিল হ'ল নিযুক্তি প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details