অসম

assam

ETV Bharat / city

ডিব্ৰুগড় জকাইত ৰাইজৰ দলৰ ৫১ জনীয়া সমিতি গঠন

ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক ৰুবুল বুঢ়াগোহাঁইৰ উপস্থিতিত মঙলবাৰে মৰাণত ৫১ জনীয়া সমিতি গঠন কৰে ৰাইজৰ দলে। আগন্তুক বিধান সভা নিৰ্বাচনত বিপুল ভোটেৰে জয়যুক্ত কৰাবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে ৰুবুল বুঢ়াগোহাঁইয়ে ।

Jokai Committee of Raijor Dol is formed in Moran
ডিব্ৰুগড় জকাইত ৰাইজৰ দলৰ ৫১ জনীয়া সমিতি গঠন

By

Published : Feb 2, 2021, 10:24 PM IST

মৰাণ, 2 ফেব্ৰুৱাৰী : আগন্তুক বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মান মাহ ৷ প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণ-কৌশল ৷ সমান্তৰালৈ প্ৰতিখন জিলাতে প্ৰতিটো ৰাজনৈতিক দলেই অনুষ্ঠিত কৰিছে ইখনৰ পিছত পিছত সিখনকৈ নিৰ্বাচনী সভা ৷ ঠিক একেদৰে পিছপৰি ৰোৱা নাই নৱ গঠিত নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলো ৷

২ অক্টোবৰত জন্ম গ্ৰহণ কৰা নতুন আঞ্চলিক দল ৰাইজৰ দলে ধাৰাবাহিক ভাৱে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন পৰ্যায়ত সমিতি গঠন কৰাৰ লগতে অনুষ্ঠিক কৰিছে নিৰ্বাচনী সভা ৷ সমান্তৰালকৈ মঙলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ জকাইত ৰাইজৰ দলে অনুষ্ঠিত কৰিছে এখন নিৰ্বাচনী সভা ৷ উক্ত সভাখনতে ৰাইজৰ সমৰ্থনত এখন ৫১ জনীয়া সমিতি গঠন কৰে ।

ডিব্ৰুগড় জকাইত ৰাইজৰ দলৰ ৫১ জনীয়া সমিতি গঠন

উক্ত সভাখনত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সম্পাদক ৰুবুল বুঢ়াগোহাঁই ৷ সভাখনত উপস্থিত হৈ তেওঁ সাংবাদিকৰ আগত কয় যে, বৰ্তমানৰ বিজেপি মিত্ৰজোঁট চৰকাৰ খনে সৰ্বসাধাৰণ কৃষকক তথা ৰাইজক বলপূৰ্বক ভাৱে 'কা' জাপি দিবলৈ বিচাৰিছে । দুখীয় দৰিদ্ৰ লোক সকলৰ কথা চিন্তা নকৰি হোৰাহোৰে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ ৷ এই মূল্যবদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিছে ৷ বিজেপি চৰকাৰ খনৰ এই মইমতালিৰ বাবে ৰাইজৰ দল গঠন কৰা হৈছে ৷

গতিকে ৰাইজৰ স্বাৰ্থত চৰকাৰখনক উচিত শিক্ষা দিবলৈ ৰাইজৰ দলে কঁকালত টঙালি বান্ধিছে । ২০২১ বৰ্ষৰ বিধান সভাৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী থিয় কৰাই প্ৰত্যেক গৰাকী প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰাবলৈ অসমৰ ৰাজ্যক আহ্বান জনাইছে ৰুবুল বুঢ়াগোহাঁইয়ে । উক্ত সভাখনত ৰাইজৰ দলৰ নেতা গৌৰী দাস, বিপিন কোঁৱৰ, মোহন সোণোৱাল, সুনীল সোনোৱাল, ৰাজীৱ দাসৰ লগতে অঞ্চলৰটোৰ বহু গণ্য-মান্য লোক সকল উপস্থিত থাকে ।

লগতে পঢ়ক- আজমলে সমগ্ৰ অসমৰ মানৱ সমাজক নষ্ট কৰি আছে: সত্যৰঞ্জন বৰা


ABOUT THE AUTHOR

...view details