APSCৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ
ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে (Notice issued to former APSC Chief Controller of Examination Bibha Sharma)৷ ইটিভি ভাৰতক এই কথা জানিবলৈ দি ন্যায়াধীশ শৰ্মাই কয় যে অহা 15 দিনৰ ভিতৰত বিভা শৰ্মাক এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে ৷ অনুৰূপভাৱে ন্যায়াধীশ শৰ্মা তদন্ত আয়োগে (Justice Biplab Kumar Sharma Commission ) জাননী প্ৰেৰণ কৰিছে লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য বসন্ত দলেলৈও (Notice issued to Basanta Doley)৷
আন্দামানৰ কাৰাগাৰ চাবলৈ অসমৰ ১০০০ যুৱক পঠিয়াব চৰকাৰে
স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত(Assam Assembly special session) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প প্ৰস্তাৱ । স্বাধীনতা যুঁজৰ সেনানীসকলে আন্দামানৰ জেলত ‘জীৱন্ত শ্বহীদ’ৰ দৰে জীৱন কটাবলগীয়া হৈছিল । সেই বিষয়ে গভীৰভাৱে অধ্যয়ন আৰু গৱেষণা হ’ব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । অধিৱেশনখন সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ।
উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী
উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত ১৮ আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কৃষ্ণ জন্মাষ্টমীৰ ৷ এইবাৰ জন্মাষ্টমীত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগমৰ আশা কৰিছে ইস্কন কৰ্তৃপক্ষই ।
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত উত্তাল গুৱাহাটী
নেছ’ৰ আহ্বানত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিলে 'কা' আন্দোলন (CAA movement called by NESO) । আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ন্যাসৰ প্ৰাংগণত প্ৰায় সহস্ৰাধিক ছাত্ৰ সন্থাৰ সদস্য গোট খাই গুৱাহাটী ক্লাৱৰ ৰটাৰীত সমবেত হোৱাৰ বাবে প্ৰস্তুতি চলাছিল যদিও প্ৰশাসনে অনুমতি প্ৰদান নকৰিলে । ইয়াৰ পৰিৱৰ্তে আছুৰ কাৰ্যালয়ৰ সন্মুখতেই বেৰিকেড বান্ধি দিয়ে । শান্তিপূৰ্ণ অহিংস আন্দোলনত বাধা দিয়াতো গৰিহণাযোগ্য বুলি উল্লেখ কৰে সমুজ্জল ভট্টাচাৰ্যই ।
জাঁজী নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা মিণ্টুৰ মৃতদেহ উদ্ধাৰ
জাঁজী নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা মিন্টু দাস ( ৩২)ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Youth lost his life in Janji river)৷ বুধবাৰে পুৱা যোৰহাট জিলাৰ মৰিয়ণিৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত জাঁজী নদীত গা ধুবলৈ যাওঁতে নদীত পৰি সন্ধানহীন হৈছিল মিন্টু ৷