অসম

assam

ETV Bharat / city

বিলাসীপাৰাত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা

বৃহস্পতিবাৰে সাপটগ্ৰাম লীলানন্দ আশ্ৰমৰ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ৰথযাত্ৰা উলিওৱা হয় ।

বিলাসীপাৰাত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা

By

Published : Jul 5, 2019, 8:42 AM IST

বিলাসীপাৰা , ০৫ জুলাই : বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে বিলাসীপাৰাৰ সাপটগ্ৰামৰ লীলা নন্দ পাগলবাবা আশ্ৰমত ৯ দিনীয়াকৈ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা আৰু মেলা প্ৰদৰ্শনী আৰম্ভ হয় । বৃহস্পতিবাৰে সাপটগ্ৰাম লীলানন্দ আশ্ৰমৰ মহাপ্ৰভু জগন্নাথ মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ৰথযাত্ৰা উলিওৱা হয়।

এই ৰথযাত্ৰা কাৰ্যসূচীত নামনি অসমৰ বিভিন্ন ঠাইৰ কেইবা সহস্ৰাধিক ভক্ত বৈষ্ণৱে অংশ গ্ৰহণ কৰে । ৰথযাত্ৰা উপলক্ষে সাপটগ্ৰাম শান্তিপুৰ খেল পথাৰত অহা ১২ জুলাইলৈকে মেলা আৰু প্ৰদৰ্শনী চলিব । আৰু ১২ জুলাইৰ দিনা অগণন ভক্তৰ উপস্থিতিত পৰম্পৰাগতভাৱে পুনৰ ৰথ খন জগন্নাথ মন্দিৰ লৈ অনা হ'ব ।

বিলাসীপাৰাত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা

ABOUT THE AUTHOR

...view details