অসম

assam

ETV Bharat / city

নিবনুৱাক সংস্থাপনত ব্যৰ্থ বিজেপিঃ ধুবুৰীত জিলা যুৱ কংগ্ৰেছ - ধুবুৰী ৰাজীৱ ভৱন

কৰ্ম সংস্থাপন সহ কেইবাটাও দাবীৰ ভিত্তিত অনুষ্ঠিত কৰা এক সংবাদমেলত নৰেন্দ্ৰ মোডী চৰকাৰক সমালোচনা যুৱ কংগ্ৰেছৰ ।

Press Meet by Youth Congress at Dhuburi
ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল : মোডী চৰকাৰক ক্ষুৰধাৰ সমালোচনা

By

Published : Sep 10, 2020, 10:14 PM IST

ধুবুৰী, 10 ছেপ্তেম্বৰ :ধুবুৰী ৰাজীৱ ভৱনত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছে । জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সহ একাংশ যুৱ কংগ্ৰেছীৰ উপস্থিতিত সভাপতি আলতাপ হুছেইন মণ্ডলে অনুষ্ঠিত কৰা সংবাদমেলত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক বিভিন্ন দিশ সামৰি ক্ষুৰধাৰ সমালোচনা কৰা হয় ।

মোডী চৰকাৰক ক্ষুৰধাৰ সমালোচনা ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ

সৰ্বভাৰতীয় আৰু ৰাজ্যিক যুৱ কংগ্ৰেছৰ নিৰ্দেশনা অনুসৰি সংবাদমেল অনুষ্ঠিত কৰি নিবনুৱাক সংস্থাপনৰ লগতে কৰ’ণা মহামাৰীৰ বাবে কৰ্ম সংস্থাপন হেৰুওৱা সকলক শীঘ্ৰেই কৰ্ম সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে যুৱ কংগ্ৰেছে ।

ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল

ইপিনে নিৰ্বাচনৰ পূৰ্বে লাখ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে নিবনুৱাক সংস্থাপন দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে জিলা যুৱ কংগ্ৰেছে । আনহাতে কৰ্ম সংস্থাপন নিদিয়াকৈ ওলোটাই চৰকাৰে কৰ্ম সংস্থাপনহীন কৰাৰ পৰিকল্পনা ৰচিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে কৰ’ণা মহামাৰীৰ বাবে বিভিন্ন দেশ বিদেশৰ পৰা কৰ্মহীন হৈ গৃহ ৰাজ্যলৈ উভতি যোৱা নিবনুৱা সকলক মাহেকত ছয় হাজাৰ টকাকৈ আদায় দিবলৈ দাবী উত্থাপন কৰে জিলা যুৱ কংগ্ৰেছে ।

উল্লেখ্য যে,সংবাদমেলৰ জৰিয়তে ধুবুৰী জিলা যুৱ কংগ্ৰেছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক কৰ্ম সংস্থাপনৰ বিভিন্ন দিশ সামৰি তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।

লগতে চাওক-বিলাসীপাৰাৰ ৰৌশনাৰা বেগমৰ বিৰুদ্ধে ক্ষোভ কিয় ৰাইজৰ ?

ABOUT THE AUTHOR

...view details