ধুবুৰী, 17 আগষ্ট:ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ আটানি বজাৰত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ পাঁচখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি জানিবলৈ পৰা গৈছে । ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হৈ ভয়ংকৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ ক্ষয় ক্ষতি হোৱাৰ আশংকা কৰা হৈছে । অৱশ্যে এতিয়ালৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।