ধুবুৰী, 12 অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম-জয়ন্তী উপলক্ষে দেশজুৰি আৰম্ভ হ'ব গান্ধী সংকল্প যাত্ৰা । দেশৰ ভিন্ন প্ৰান্তত ইতিমধ্যে এই সংকল্প যাত্ৰা আৰম্ভ হৈছে যদিও অসমত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই যাত্ৰাৰ। এই সন্দৰ্ভত ধুবুৰী জিলা বিজেপি নেতৃত্বই শুকুৰবাৰে জিলা কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলত এই সংকল্প যাত্ৰাৰ কাৰ্য্যসূচী ঘোষণা কৰে ।
ধুবুৰীত ১৫ অক্টোবৰৰ পৰা গান্ধী সংকল্প যাত্ৰা - ধুবুৰীত আয়োজন সংকল্প যাত্ৰাৰ
মহাত্মা গান্ধীৰ ১৫০ তম জন্ম-জয়ন্তী ৷ ধুবুৰীত আয়োজন সংকল্প যাত্ৰাৰ ৷
এই সংবাদমেলত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কমিটিৰ উপ সভাপতি বিমল ওচৱাল, বিধায়ক অশ্বিনী ৰায় সৰকাৰ, জিলা সমিতিৰ সভাপতি দ্বীপক কুমাৰ সাহা, উপ-সভাপতি ডাঃ দেৱময় সান্যাল আৰু সাধাৰণ সম্পাদক প্ৰচেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ পৌৰনেত্ৰী পুষ্প মালো আৰু জিলা যুৱ মৰ্চাৰ সভাপতি নির্মাল্য পাল ৷ সংবাদমেলতে ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিমল ওচৱালে জানিবলৈ দিয়া অনুসৰি, ধুবুৰী লোকসভা সমষ্টিত অহা ১৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ গান্ধী সংকল্প যাত্ৰাৰ আয়োজন কৰা হ'ব ৷
ইপিনে ১৫ অক্টোবৰৰ দিনা সত্ৰশালৰ ৰামৰাইকুটি সত্ৰৰ পৰা আৰম্ভ হ'বলগীয়া সংকল্প যাত্ৰাৰ সামৰণি পৰিব মানকাচৰত । এই সংকল্প যাত্ৰাই প্ৰতিদিনে পোন্ধৰ কিলোমিটাৰ খোজ কাঢ়ি ৰাইজৰ মাজত গান্ধীজীৰ কৰ্মৰাজি সম্পৰ্কে আলোচনা কৰিব বুলি কৈ সকলোকে এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰাৰ আহ্বান জনায় বিধায়ক অশ্বিনী ৰায় সৰকাৰে ।