ধুবুৰী, 6 এপ্ৰিল:ধুবুৰীৰ গৌৰীপুৰত ইভিএম মেচিন উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে । গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বাসবাৰী গাঁৱত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । আৰক্ষী নোহোৱাকৈ ইভিএম লৈ গৈ থকা অৱস্থাত ৰাইজৰ ৰোষত পৰিল গেৰামাৰীৰ এগৰাকী ছেক্টৰ বিষয়া । চাৰিটা ই ভি এম মেচিনসহ ৰাইজে ছেক্টৰ বিষয়াক আটক কৰে ৷ অবৈধ ইভিএম বুলি সন্দেহ কৰি আটক কৰে ৰাইজে ।
ধুবুৰীৰ গৌৰীপুৰত ইভিএমক লৈ উত্তপ্ত পৰিস্থিতি - গেৰামাৰীৰ এগৰাকী ছেক্টৰ বিষয়া
ধুবুৰীৰ গৌৰীপুৰত ই ভি এমক লৈ উত্তপ্ত পৰিস্থিতি ৷ নিৰাপত্তাৰক্ষী নোহোৱাকৈ ইভিএম লৈ গৈ থকা অৱস্থাত ৰাইজৰ ৰোষত পৰিল ছেক্টৰ বিষয়া ৷
বাহনখনত কোনোধৰণৰ আৰক্ষীৰ লোক নথকাত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হয় । ২২৮১ নং বাসবাৰী গাঁও এল পি স্কুলত চলি আছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া । বহু সময় ধৰি ৰাইজে আৱদ্ধ কৰি ৰাখিলে পলিং বিষয়া সকলক । আবেলি ৫:৪৫ বজাত লৈ আহিছিল ই ভি এম চাৰিটা । আৰক্ষীয়ে জনোৱা মতে, স্থানীয় এগৰাকী চেক্টৰ বিষয়াই বিকল হোৱা ইভিএম মেচিন বাহনত লৈ গৈ আছিল । তেনে সময়তে ৰাইজৰ মনত সন্দেহৰ সূচনা হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত আৰক্ষীয়ে ই ভি এম কঢ়িওৱা বাহন খন উদ্ধাৰ কৰি উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়ে ৷
লগতে পঢ়ক :বিতৰ্কিত লেখিকা শিখা শৰ্মাক গ্ৰেপ্তাৰ