অসম

assam

ETV Bharat / city

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই বিভাগীয় শিক্ষক

কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

ধুবুৰীত শিক্ষকৰ অভাৱ

By

Published : Mar 26, 2019, 8:01 PM IST

ধুবুৰী,26মাৰ্চঃধুবুৰীৰ একাংশ চৰকাৰী বিদ্যালয়ত এতিয়া শিক্ষাৰ্থীৰ বিপৰীতে নাই বিভাগীয় শিক্ষক । কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষক নথকাৰ ফলত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী ৷ ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাঝেৰচৰ এম ই মাদ্ৰাছাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুই শতাধিক শিক্ষাৰ্থীৰ বিপৰীতে আছে প্ৰধান শিক্ষককে ধৰি মাত্ৰ ছগৰাকী শিক্ষক।

ধুবুৰীত শিক্ষকৰ অভাৱ
ইয়াৰে এজন চি আৰ চি, যি বৰ্তমান বৰপেটাত নিযুক্তি হৈ আছে। বিদ্যালয় খনত অসমীয়া, গণিত আৰু ইংৰাজী বিষয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ বিদ্যালয়খনত নাই বহুদিনৰ পৰা বিষয় শিক্ষক । এই বিষয়ে বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ শিক্ষা বিভাগক অৱগত কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । ফলত পাঠদান প্ৰক্ৰিয়াত যথেষ্ট সমস্যা স্বত্বেওমাত্ৰ পাঁচজন শিক্ষকৰেই পাঠদান প্ৰক্ৰিয়া চলাই আছে বিদ্যালয় কৰ্তৃপক্ষই। ইপিনে বিষয় শিক্ষকৰ অভাৱত যথেষ্ট বাধাৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰী সকলেও শীঘ্ৰেই প্ৰয়াজনীয় শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে৷

ABOUT THE AUTHOR

...view details