অসম

assam

ETV Bharat / city

ধুবুৰীত আধাৰশিলা স্থাপনক লৈ দুই দলৰ মাজত সংঘাত - সংঘাত

ধুবুৰীত বুধবাৰে আধাৰশিলা স্থাপনক লৈ খেলিমেলি ৷ নামফলকত অন্য সমষ্টিৰ বিধায়কৰ নাম উল্লেখ থকা হেতুকে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এআইইউডিএফে ৷

conflict-between-two-parties-at-dhubri
ধুবুৰীত আধাৰশিলা স্থাপনক লৈ দুই দলৰ মাজত সংঘাত

By

Published : Feb 10, 2021, 10:55 PM IST

ধুবুৰী,10 ফেব্ৰুৱাৰী : ধুবুৰীত বুধবাৰে সৌন্দৰ্যবৰ্ধনৰ বাবে ৰূপায়ণ হ’বলগীয়া দুটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক অশ্বিনী ৰায় সৰকাৰে ৷ এই আধাৰশিলা স্থাপনত বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতা ৷

ইফালে চৰকাৰী নিয়ম মতে, আধাৰশিলাৰ নামফলকত স্থানীয় বিধায়কৰ নাম উল্লেখ থাকিব লাগে যদিও এই আধাৰশিলাৰ নামফলকত নাই ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নাম । ইয়াৰ পৰিৱৰ্তে নামফলকত সন্নিবিষ্ট কৰা হ’ল অন্য সমষ্টিৰ দুই শাসকীয় দলৰ বিধায়কৰ নাম । ঘটনা সন্দৰ্ভত প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ধুবুৰী চহৰ ৷

ধুবুৰীত আধাৰশিলা স্থাপনক লৈ দুই দলৰ মাজত সংঘাত

আধাৰশিলা স্থাপন কৰিবলৈ যোৱা ধুবুৰী জিলা উপায়ুক্তক ঘেৰাও কৰি একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰে এআইইউডিএফ কৰ্মীসকলে । ইয়াৰ পাচত ঘটনাৰ বাবে ভুল স্বীকাৰ কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই । অন্যহাতে, উন্নয়নমূলক আঁচনি ৰূপায়ণকলৈ ৰাজনীতি কৰাৰ অভিযোগো উত্থাপন কৰিছে এআইইউডিএফে ৷

উল্লেখ্য যে, ধুবুৰী চহৰ উন্নয়নৰ বাবে CIDF আচঁনিৰ অধীনত 50 লাখ টকাৰ ব্যয় সাপেক্ষে ধুবুৰী চহৰৰ তেতুল তোলাত পইণ্ট নামৰ এখন আৰু ধুবুৰী চহৰৰ প্ৰৱেশ দ্বাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ কিন্তু, ইয়াক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ উঠাৰ সময়ত জিলা উপায়ুক্ত কলিতাই এই বিষয়টো স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক :ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

ABOUT THE AUTHOR

...view details