অসম

assam

ধুবুৰী পৌৰসভাত অৰাজক পৰিস্থিতি

By

Published : Oct 17, 2019, 10:48 PM IST

পৌৰ সভাৰ সভানেত্ৰী বিৰূদ্ধে একনায়কত্বৰ অভিযোগ ৱাৰ্ড কমিছনাৰৰ ৷ পৌৰ সভাৰ সভানেত্ৰীয়ে নিজ ইচ্ছাৰে খৰছ কৰে পৌৰসভাৰ বাবে আবন্টিত ধন ৷

ধুবুৰী পৌৰসভাত অৰাজক পৰিস্থিতি

ধুবুৰীত,17 অক্টোবৰ: চৰম অৰাজকতাৰ মাজেৰে চলিছে ধুবুৰী পৌৰসভা ! পৌৰ সভাৰ সভানেত্ৰী আৰু ৱাৰ্ড কমিছনাৰৰ মাজৰ কাজিয়াত এতিয়া স্থবিৰ হৈ ৰৈছে ধুবুৰী পৌৰসভাৰ সকলোধৰণৰ উন্নয়নমূলক কাম-কাজ ৷ পৌৰ সভাৰ সভানেত্ৰী পুষ্প মালোৰ বিৰূদ্ধে এই চৰম একনায়কত্ববাদৰ অভিযোগ আনিছে ধুবুৰী পৌৰসভাৰ সাত নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে ৷ অভিযোগ অনুসৰি 2018-19ত চতুৰ্দশ বিত্তীয় বৰ্ষৰ বাবে ধুবুৰী পৌৰসভাৰ নামত আবন্টিত হৈছিল প্ৰায় 91 লাখ টকা যাৰ অধিকাংশই পৌৰ সভাৰ সভানেত্ৰী গৰাকীয়ে পৌৰসভাৰ কৰ্মচাৰীৰ দৰমহা দিয়াৰ কামত ব্যৱহাৰ কৰে তাৰোপৰি বছৰৰ বাৰ মাহেই ৱাৰ্ড কমিছনাৰ সকলৰ লগত কৰিব লগা বৰ্ড মিটিং আয়োজন কৰা নাই অভিযুক্ত পৌৰ সভাৰ সভানেত্ৰী পুষ্প মালোয়ে ৷ লগতে নাই পৌৰসভাৰ সাধাৰণ পুঁজিৰ কোনো হিচাপ ৷

নেত্ৰী গৰাকীৰ বিৰূদ্ধে ইটিভি ভাৰতৰ কেমেৰাৰ সন্মুখত এই অভিযোগ তুলি ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে ধুবুৰী পৌৰসভাত এই অনিয়ম সমূহৰ বিৰূদ্ধে মাত মাতিলে সভানেত্ৰী গৰাকীয়ে আক্ৰমণ কৰাৰো অভিযোগ কৰে ৷ পৌৰ সভাৰ সভানেত্ৰী পুষ্প মালোয়ে নিজ গাড়ী চালকক ঠিকাদাৰ সজাই বিভিন্ন সামগ্ৰী যোগানৰ ঠিকা দিয়াৰো গুৰুতৰ অভিযোগ কৰে ৱাৰ্ড কমিছনাৰ কলিম উদ্দিনে ৷

পৌৰনেত্ৰীৰ বিৰূদ্ধে একনায়কত্বৰ অভিযোগ ৱাৰ্ড কমিছনাৰৰ

ইফালে কলিমউদ্দিনৰ এই অভিযোগৰ পাছত ইটিভি ভাৰতৰ সাংবাদিকে সভানেত্ৰী পুষ্প মালোৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সভানেত্ৰী গৰাকীয়ে তেওঁৰ বিৰোদ্ধে উত্থাপিত সকলোবোৰ অভিযোগ খণ্ডন কৰে এইয়া তেওঁৰ বিৰোদ্ধে চলা এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰে ৷ উল্লেখযোগ্য যে,কলিমউদ্দিনে সভানেত্ৰী গৰাকীৰ এই একনায়কত্ববাদৰ অভিযোগ জিলা উপায়ুক্তকো অৱগত কৰে যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই বুলি উল্লেখ কৰে ৷ ঘটনা সন্দৰ্ভত অভিযোগকাৰী ৱাৰ্ড কমিছনাৰ গৰাকীয়ে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৷ এতিয়া এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়তহে গম পোৱা যাব ৷

ABOUT THE AUTHOR

...view details