নিউজ ডেস্ক,১৯ জানুৱাৰী :মানুহে জীৱনত বহুতো অপ্ৰত্যাশিত ঘটনাৰ মুখামুখি হ'ব লগা হয় । জৰুৰীকালীন অৱস্থা কেতিয়া আহিব পাৰে কোনেও ক'ব নোৱাৰে । বহুক্ষেত্ৰত, আমি যেতিয়া অসুস্থ অনুভৱ কৰো আৰু চিকিৎসালয়ত ভৰ্তি হ'বলগীয়াও হয় । কিন্তু কেতিয়াবা বিত্তীয় সীমাবদ্ধতাই এইক্ষেত্ৰত বাধা হিচাপে থিয় দিব পাৰে । সেয়েহে, আমি এনে ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থাকিব লাগে । নগদ ধন সদায়ে এই ধৰণৰ বিপদৰ বাবে সাজু ৰাখিব লাগে । এই সাঁচতীয়া জৰুৰী পুঁজিয়ে কঠিন সময়ত আমাক উদ্ধাৰ কৰিব পাৰে (Contingency fund will rescue us in difficult times)।
যেতিয়া বিত্তীয় সংকটৰ সৃষ্টি হয়, তেতিয়া ই আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় । যদি আমি আগতীয়াকৈ প্ৰস্তুত নাথাকো, ই আমাৰ সঞ্চয় আৰু বিনিয়োগ বোৰৰ ওপৰতো প্ৰভাৱ পেলাব । কেতিয়াবা উপাৰ্জনৰ লগতে মূলধন হেৰুওৱাৰো আশংকা থাকে । লগতে, আমাৰ মুখ্য বিত্তীয় লক্ষ্যবোৰত উপনীত হোৱাৰ ক্ষেত্ৰতো বাধা দিব পাৰে । এক সুন্দৰ বিত্তীয় পৰিকল্পনাত পৰ্যাপ্ত জৰুৰী পুঁজি অন্তৰ্ভুক্ত থাকে । ইয়াৰ দক্ষ ব্যৱস্থাপনাৰ বাবে সাৱধানতা অৱলম্বন কৰিব ।
আপোনাৰ জৰুৰী পুঁজি কমেও ৬ মাহৰ ঘৰুৱা ব্যয় আৰু ঋণৰ কিস্তিৰ বাবে পৰ্যাপ্ত পৰিমাণে থাকিব লাগে (Contingency funds rescue us from danger)। যেতিয়া আপোনাৰ কোনো উপাৰ্জন নাই সেই সময়ছোৱাত এইটো পৰ্যাপ্ত হ'ব লাগে । মন্দাৱস্থাৰ সময়ত, এই পুঁজি বৃদ্ধি কৰিব লাগে যাতে ১২ মাহৰ বাবে আপোনাৰ সামগ্ৰিক ব্যয় পূৰণ কৰিব পাৰি । আপোনাক অত্যাৱশ্যকীয় সামগ্ৰী, ঘৰৰ ভাড়া, সন্তানৰ বিভিন্ন মাচুল, ইএমআই, বাহনৰ ব্যয়, অন্যান্য বিল আদিৰ বাবে কিমান প্ৰয়োজন হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক হিচাপ কৰিব লাগে ।
সময়ে সময়ে আপোনাৰ জৰুৰী পুঁজি পুনৰীক্ষণ কৰক (Review contingency fund from time to time)। আপোনাৰ পৰিৱৰ্তনশীল জীৱনশৈলী আৰু ব্যয়ৰ বাবে ই যথেষ্ট নমনীয় হ'ব লাগে । আজিকালি, জীৱন নিৰ্বাহৰ ব্যয় যথেষ্ট বাঢ়ি আহিছে । আপুনি কেতিয়াও নাজানে যে হঠাতে কি অতিৰিক্ত ব্যক্তিগত ব্যয়ৰ দৰকাৰ হ'ব ।