অসম

assam

By

Published : Sep 26, 2022, 2:19 PM IST

ETV Bharat / business

মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১.৫২ টকা হ্ৰাস

আমেৰিকাৰ মুদ্ৰাৰ দৃঢ়তা বৃদ্ধিৰ মাজতে সোমবাৰে আৰম্ভণিৰ ব্যৱসায়ত মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪৩ পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন ৮১.৫২ টকাত উপনীত হয়(share market news live updates) ।

rupee-hits-all-time-low-of-over-81-against-us-dollar-in-early-trade
মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১.৫২ টকা হ্ৰাস

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ:আমেৰিকাৰ মুদ্ৰাৰ দৃঢ়তা বৃদ্ধিৰ মাজতে সোমবাৰে আৰম্ভণিৰ ব্যৱসায়ত মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪৩ পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন ৮১.৫২ টকাত উপনীত হয় । ইয়াৰ সময়ত বিনিয়োগকাৰীৰ মাজত থকা ৰিস্ক এভাৰচন চেন্টিমেন্টেও টকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে(US dollar in early trade) ।

ফৰেক্স ব্যৱসায়ীসকলে(forex exchange market News) কয় যে, ইউক্ৰেইনৰ সংঘাতৰ বাবে বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক বিপদ, ঘৰুৱা ইকুইটি বজাৰৰ হ্ৰাস আৰু বিদেশী পুঁজিৰ আউটফ্ল’ইও বিনিয়োগকাৰীৰ আৱেগক লাঘৱ কৰিছে ।

আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত ডলাৰৰ বিপৰীতে ৮১.৪৭ টকাত মুকলি হয়, তাৰ পিছত ৮১.৫২ লৈ হ্ৰাস পায় । এনেদৰে পূর্বৰ বন্ধ মূল্যৰ বিপৰীতে টকাৰ পৰিমাণ হ্ৰাস হৈ ৪৩ পইচা হয়গৈ ৷ শুকুৰবাৰে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৩০ পইচা হ্ৰাস পাই ৮১.০৯ হয়গৈ(Share Market News) ।

ইফালে, ছটা প্ৰধান মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ অৱস্থান প্ৰতিফলিত কৰা ডলাৰ সূচকাংক ০.৬৭ শতাংশ বৃদ্ধি পাই ১১৩.৯৪ত উপনীত হৈছে । গ্লোবেল বেঞ্চমাৰ্ক ব্ৰেণ্ট খাৰুৱা তেলৰ ভৱিষ্যতৰ মূল্য ০.৫৮ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৮৫.৬৫ ডলাৰ হৈছে । শ্বেয়াৰ বজাৰৰ অস্থায়ী তথ্য অনুসৰি শুকুৰবাৰে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ২৮৯৯.৬৮ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰে(share market news live updates) ।

লগতে পঢ়ক:মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে একেৰাহে চতুৰ্থবাৰলৈ সুতৰ হাৰ বৃদ্ধি কৰিব RBIয়ে

ABOUT THE AUTHOR

...view details