অসম

assam

By

Published : Aug 18, 2022, 12:30 PM IST

ETV Bharat / business

নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে 5G spectrumৰ ধন পৰিশোধ কৰিলে এয়াৰটেলে

শেহতীয়াকৈ সমাপ্ত হোৱা 5G নিলামত অধিগ্ৰহণ কৰা স্পেকট্ৰামৰ বাবদ এয়াৰটেলে টেলিকম বিভাগক পৰিশোধ কৰিলে ৮৩১২.৪ কোটি টকা(Airtel pays for 5G spectrum) । ২০২২ চনলৈকে 5G spectrumৰ বাবে কোম্পানীটোৱে চাৰি বছৰৰ আপফ্ৰন্টৰ বাবদ পৰিশোধ কৰিছে এই ধন (Airtel settles 4 years dues upfront for 5G) ।

airtel-pays-for-5g-spectrum-settles-4-years-dues-upfront
নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে 5G স্পেকট্ৰমৰ বাবদ ধন পৰিশোধ কৰিলে এয়াৰটেলে

নেশ্যনেল ডেস্ক, 17 আগষ্ট :শেহতীয়াকৈ সমাপ্ত হোৱা 5G নিলামত অধিগ্ৰহণ কৰা স্পেকট্ৰামৰ বাবদ এয়াৰটেলে টেলিকম বিভাগক পৰিশোধ কৰিলে ৮৩১২.৪ কোটি টকা(Airtel pays for 5G spectrum) ।

২০২২ চনলৈকে 5G spectrumৰ বাবে কোম্পানীটোৱে চাৰি বছৰৰ আপফ্ৰন্টৰ বাবদ পৰিশোধ কৰিছে এই ধন (Airtel settles 4 years dues upfront for 5G) । ভাৰতী এয়াৰটেলৰ MD তথা CEO গোপাল ভিট্টালে কয় যে, চাৰি বছৰৰ আগধন নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে পৰিশোধ কৰাৰ ফলত আমি বিনামূলীয়া পৰিচালনাৰ জৰিয়তে নগদ ধনৰ প্ৰবাহ বজাই ৰাখি 5G ৰোলআউট সম্পন্ন কৰিবলৈ সক্ষম হ'ম(Airtel pays for 5G spectrum) ।

ভিট্টালে লগতে কয় যে এয়াৰটেলে ৰাইটছ ইছ্যুৰ তৰফৰ পৰা ইতিমধ্যো ১৫,৭৪০.৫ কোটি টকাৰ মূলধন লাভ কৰিছে । ভাৰতবৰ্ষত বিশ্বমানদণ্ডৰ 5G অভিজ্ঞতা আনিবলৈ এয়াৰটেল সাজু ৷ ইফালে বিগত এবছৰত এয়াৰটেলে ২৪,৩৩৩.৭ কোটি টকা ইতিমধ্যে পৰিশোধ কৰিছে ৷

কোম্পানীটোৰ মতে, অগ্ৰিম ধন পৰিশোধৰ সৈতে স্পেকট্ৰামৰ বাবদ ধন পৰিশোধৰ বিলম্বৰ সম্পৰ্ক আছে চাৰি বছৰৰ বাবে AGRৰ সৈতে জড়িত পেমেণ্টে ভৱিষ্যতে নগদ ধনৰ প্ৰবাহ বজাই ৰাখিব ৷

আনহাতে, ভাৰত চৰকাৰে ৰিলায়েন্স জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়া আৰু আদানি গ্ৰুপৰ এটা ইউনিটৰ নেতৃত্বত ইতিমধ্যে ১.৫০ লাখ কোটিৰো অধিক মূল্যৰ 5G স্পেকট্ৰাম বিক্ৰী কৰিছে ।

লগতে পঢ়ক :5G প্ৰযুক্তিৰ বাবে দেশবাসীৰ অপেক্ষাৰ অন্ত পৰিল

ABOUT THE AUTHOR

...view details