অসম

assam

ETV Bharat / business

COVID-19 ৰ প্ৰভাৱ : অৰ্থনীতি পুনৰুদ্ধাৰৰ চিন্তা-চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ - পাঁচটাকৈ খণ্ড কাৰ্যক্ষম কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ

দেশৰ পাঁচটাকৈ খণ্ড কাৰ্যক্ষম কৰি তুলিবলৈ কেনেধৰণৰ উপায় অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কত পৰামৰ্শ গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ ৷ কাপোৰ উৎপাদন খণ্ড, ৰাসায়নিক খণ্ড, বৈদ্যুতিক খণ্ড, তীখা খণ্ড আৰু ফাৰ্মাচী খণ্ড কাৰ্যক্ষম কৰা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ চিন্তা-চৰ্চা ৷

অৰ্থনীতি পুনৰুদ্ধাৰৰ চিন্তা-চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ
প্ৰধানমন্ত্ৰী মোডী

By

Published : Apr 12, 2020, 7:34 PM IST

বিজনেছ ডেস্ক, 12 এপ্ৰিল : পাঁচটা গুৰুত্বপূৰ্ণ খণ্ডৰ উৎপাদন আৰু শ্ৰম সম্পৰ্কত বিভিন্ন লোকৰ লগতে উদ্যোগ খণ্ডৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এটা পষেকৰ ভিতৰত এই পাঁচটাকৈ খণ্ড কাৰ্যক্ষম হৈ পৰিলে প্ৰয়োজন হ'বলগা সমৰ্থন সম্পৰ্কতো গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ৷

এই পাঁচটা খণ্ড হৈছে কাপোৰ উৎপাদন খণ্ড, ৰাসায়নিক খণ্ড, বৈদ্যুতিক খণ্ড, তীখা খণ্ড আৰু ফাৰ্মাচী খণ্ড ৷

ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ পাচতে অৰ্থনীতি পুনৰুদ্ধাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

এই সম্পৰ্কত কোম্পানীসমূহৰ সংস্থাৰ জৰিয়তে চাৰিটা প্ৰশ্ন সম্বলিত এক প্ৰশ্নাৱলীও প্ৰস্তুত কৰিছে চৰকাৰে ৷ ইয়াৰ জৰিয়তে এক সিদ্ধান্তত উপনীত হ'ব পাৰিব বুলি আশা ব্যক্ত কৰিছে চৰকাৰে ৷

15 দিনৰ ভিতৰত এই খণ্ডসমূহ কাৰ্যক্ষম হৈ পৰিলে কেঁচা সামগ্ৰীৰ উৎস, শ্ৰমিক, যোগান, প্ৰৱেশদ্বাৰ সমূহৰ সৈতে যোগসূত্ৰ স্থাপন আদি সম্পৰ্কতো কেন্দ্ৰই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিছে ৷

আনহাতে, উদ্যোগসমূহত শ্ৰম প্ৰদান কৰা শ্ৰমিকসকলে ক'ত বসবাস কৰিব আৰু 70 শতাংশ শ্ৰমিকৰ ব্য়ৱহাৰেৰে কাম সম্পাদন কৰিব পাৰিব নে সেই সম্পৰ্কতো প্ৰতিক্ৰিয়া জানিব বিচাৰে কেন্দ্ৰীয় চৰকাৰে ৷

উল্লেখ্য় যে, লকডাউন ঘোষণা কৰাৰ ফলত বহুসংখ্যক শ্ৰমিকে নিজ নিজ স্থানলৈ ঘূৰি যোৱাৰ ফলত উৎপাদন আৰু সামগ্ৰী প্ৰস্তুতকৰণত ভৱিষ্যতে প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details