অসম

assam

ETV Bharat / business

ৰেলৱেৰ যাত্ৰী পৰিবহন সেৱা ১৭ মে'লৈকে ব্যাহত থাকিব

কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়সীমা অহা ১৭ মে'লৈকে বৃদ্ধি কৰাৰ ফলতে ৰেলৱে মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । সেই অনুসৰি, যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ ৰাখিব ভাৰতীয় ৰেলে । অৱশ্যে এই সময়ছোৱাত শ্ৰমিক আৰু শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ৰেলৰ চলাচল ইতিমধ্যে আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

ৰেলৱেৰ যাত্ৰী পৰিবহন সেৱা ১৭ মে'লৈকে ব্যাহত থাকিব
ৰেলৱেৰ যাত্ৰী পৰিবহন সেৱা ১৭ মে'লৈকে ব্যাহত থাকিব

By

Published : May 2, 2020, 11:25 AM IST

নিউজ ডেস্ক, ২ মে' : কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে শুকুৰবাৰে ইয়াৰ যাত্ৰী পৰিবহনকাৰী ৰেলৰ সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰে । দেশত লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়াৰ ফলতে আগন্তুক ১৭ মে'লৈকে যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ থাকিব বুলি জনাইছে ৰেল মন্ত্ৰালয়ে । অৱশ্যে দেশৰ অন্য প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে বিশেষ ৰেলৰ চলাচল ইতিমধ্যে আৰম্ভ কৰিছে ৰেল বিভাগে ।

ৰেল বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, অহা ১৭ মে'লৈকে সাধাৰণ যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ থাকিব । অৱশ্যে ফ্ৰেইট আৰু পাৰ্চেল তথা মালবাহী ৰেলৰ চলাচল অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৰেল বিভাগে ।

দেশব্য়াপী লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়াৰ ফলতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেল মন্ত্ৰালয়ে । অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰী কৰা নিৰ্দেশনাৰ ভিত্তিত তথা ৰাজ্য চৰকাৰসমূহৰ অনুৰোধৰ বাবে ৰেল মন্ত্ৰালয়ে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰা শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য যাত্ৰীসকলৰ বাবে ১ মে'ৰ পৰা "শ্ৰমিক স্পেচিয়েল ট্ৰেইন"ৰ সেৱা আৰম্ভ কৰিছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে লকডাউনৰ সময়সীমা অহা ১৭ মে'লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়কঃকাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কৰ'ণা সজাগতামূলক কাৰ্টুনৰাজি

ABOUT THE AUTHOR

...view details