অসম

assam

ETV Bharat / business

পূৰ্বৰ 22 মাহৰ তুলনাত মে’ মাহত পাইকাৰী খণ্ডত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বনিম্ন - মুদ্ৰাস্ফীতিৰ হাৰ

মে’ মাহত পূৰ্বৰ 22 মাহৰ তুলনাত পাইকাৰী খণ্ডত 2.45 শতাংশলৈ হ্ৰাস পাইছে ৷ ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্য হ্ৰাস পাইছে ৷

পূৰ্বৰ 22 মাহৰ তুলনাত মে’ মাহত পাইকাৰী খণ্ডত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বনিম্ন

By

Published : Jun 14, 2019, 4:54 PM IST

Updated : Jun 14, 2019, 5:43 PM IST

বিজনেছ ডেস্ক,14 জুন: পাইকাৰী মূল্য সূচাংকত মুদ্ৰাস্ফীতিৰ হাৰ বিগত মে’ মাহত পূৰ্বৰ 22 মাহৰ তুলনাত সৰ্বনিম্ন হৈ 2.45 শতাংশলৈ হ্ৰাস পাইছে ৷ ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্য সামগ্ৰী, ইন্ধন আদিৰ মূল্য হ্ৰাস পাইছে ৷ শুকুৰবাৰে এই তথ্য সদৰী কৰে পাইকাৰী মূল্য সূচাংকৰে ৷ কিন্তুপাইকাৰী খণ্ডত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস পালেও বিগত মাহত বজাৰত বৃদ্ধি পালে পিয়াজৰ মূল্য ৷ পিয়াজৰ মূল্য এপ্ৰিল মাহত আছিল 3.43 শতাংশ আৰু মে’ মাহত বৃদ্ধি হ’লগৈ 15.89 শতাংশ আনহাতে শাক পাচলিৰ মুদ্ৰাস্ফীতি হাৰ এপ্ৰিল মাহত আছিল 40.65 শতাংশ আৰু মে’ মাহত হ’লগৈ 33.15 শতাংশ ৷ আলুৰ ক্ষেত্ৰ দেখা গ'ল যে এপ্ৰিল মাহত আলুৰ মুদ্ৰাস্ফীতিৰ হাৰ 17.15 শতাংশ হোৱাৰ বিপৰীতে মে’ মাহত আছিল 23.36 শতাংশ ৷ উৎপাদিত সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ কমা দেখা গ’ল মে’ মাহত ৷

লগতে পঢ়ক: অসমত উদ্বেগজনকভাৱে মুদ্ৰাস্ফীতি বৃদ্ধি

এপ্ৰিল মাহৰ 1.72 শতাংশৰ বিপৰীতে মে’ মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল 1.28 শতাংশ ৷ উল্লেখযোগ্য যে সকলো দিশ চাই ৰিজাৰ্ভ বেংকে অনাগত সময়ত মুদ্ৰাস্ফীতিৰ হাৰ উৰ্ধগামী হ'ব বুলি আশংকা প্ৰকাশ কৰিছে ৷

Last Updated : Jun 14, 2019, 5:43 PM IST

ABOUT THE AUTHOR

...view details