অসম

assam

By

Published : Apr 23, 2020, 8:21 PM IST

ETV Bharat / business

শ্ৰমিকৰ মজুৰি সময়ত দিবলৈ খাৰিজ কৰিলে ESIC ৰ পুঁজিৰ ধন

শ্ৰম সচিব হীৰালাল সামাৰিয়াই কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে জাৰি কৰা লক ডাউনৰ সময়ত শ্ৰমিক-কৰ্মচাৰী সকলে যাতে দৰমহা বা মজুৰি লাভ কৰিব পাৰে তাৰ বাবে কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ESIC)ৰ পুঁজি খাৰিজ কৰিলে ।

শ্ৰমিকৰ মজুৰি সময়ত দিবলৈ খাৰিজ কৰিলে ESIC ৰ পুঁজিৰ ধন
শ্ৰমিকৰ মজুৰি সময়ত দিবলৈ খাৰিজ কৰিলে ESIC ৰ পুঁজিৰ ধন

নিউজ ডেস্ক, 23 এপ্ৰিলঃ বুধবাৰে কৰ্মচাৰী ৰাজ্যিক বীমা নিগম(ESIC)ৰ পুঁজি খাৰিজ কৰিলে শ্ৰম সচিব হীৰালাল সামাৰিয়াই । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে দিয়া লক ডাউনৰ সময়চোৱাত বন্ধ হৈ আছে সকলো । এনে সময়ত শ্ৰমিক আৰু কৰ্মচাৰীৰ দৰমহা বা মজুৰি প্ৰদান কৰাটো কঠিন হৈ পৰিছে । সেয়ে শ্ৰমিকৰ মজুৰিত অসুবিধা নহ'বলৈ এই পুঁজি খাৰিজ কৰিছে ।

অৱসৰৰ বাবে পুঁজি সঞ্চয় কৰা EPFO আৰু ESICৰ পুঁজি ব্যৱহাৰ কৰি শ্ৰমিক সকলক সাহাৰ্য প্ৰদান কৰি যাতে সংকটৰ পৰা কিছু পৰিমাণে উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে ।

উল্লেখনীয় ভাৱে এমাহ পূৰ্বে শ্ৰম মন্ত্ৰণালয়ৰ মুখপাত্ৰ এগৰাকীয়ে কৈছিল যে, EPFO বা ESICৰ পুঁজি কোনো সাহাৰ্যৰ বাবে বা প্ৰধান মন্ত্ৰীৰ কোনো যোজনাৰ পইছা শ্ৰমিকৰ সাহাৰ্যৰ বাবে ব্য়ৱহাৰ কৰা নহয় ।

লক ডাউনক সময়ত শ্ৰমিকক সকাহ দিবলৈ কৰ্মচাৰীৰ ভৱিষৎ নিধি আৰু বীমাৰ ধন ব্যৱহাৰ কৰা কাৰ্যক কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে তীব্ৰ নিন্দা কৰিছে। তেওঁলোকে কয় যে,সকাহ দিয়াটো চৰকাৰৰ দায়িত্ব । তেওঁলোকে নিজৰ বাজেটৰ পৰা ধন লৈ সকাহ দিয়ক । EPF আৰু ESI এই দুটা সামাজিক সুৰক্ষাৰ নিধিৰ ধন ব্যৱহাৰ কৰাটো মুঠেই গ্ৰহণযোগ্য নহয় ।

বৰ্তমান সময়ত নিয়োগ কৰ্তাই 3.25 শতাংশ ধন ESI লৈ আগবঢ়াই আৰু 0.75 শতাংশ ধন কৰ্মচাৰীয়ে মুঠ দৰমহাৰ পৰা আগবঢ়াই ।

ABOUT THE AUTHOR

...view details