অসম

assam

ETV Bharat / business

পূৰ্বৰ তুলনাত 6 শতাংশ বৃদ্ধি পালে প্ৰত্যক্ষ বিদেশী বিনিয়োগ

উল্লেখ্য যে বিগত বৰ্ষত  42 বিলিয়ন USD হোৱাৰ বিপৰিতে এই বৰ্ষত 6 শতাংশ বৃদ্ধি পাইছে বিদেশী বিনিয়োগ ৷ এই বিনিয়োগ নিৰ্মাণ, যোগাযোগ আৰু বিত্তীয় সেৱাৰ ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধি পাইছে ৷

By

Published : Jun 14, 2019, 12:36 AM IST

পূৰ্বৰ তুলনাত 6 শতাংশ বৃদ্ধি পালে প্ৰত্যক্ষ বিদেশী বিনিয়োগ

ৰাষ্ট্ৰসংঘৰ কনফাৰেঞ্চ অন ট্ৰেড এণ্ড ডেভেলপমেন্তে বুধবাৰে মুকলি কৰা ৱৰ্ল্ড ইনভেচমেন্ত ৰিপৰ্ট 2019 ৰ তথ্য মতে ভাৰতত 6 শতাংশ বৃদ্ধি পালে প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৷ বিগত বৰ্ষত 42 বিলিয়ন USD হোৱাৰ বিপৰীতে এই বৰ্ষত 6 শতাংশ বৃদ্ধি পাইছে বিদেশী বিনিয়োগ ৷ এই বিনিয়োগ নিৰ্মাণ, যোগাযোগ আৰু বিত্তিয় সেৱাৰ ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধি পাইছে ৷

ৰাষ্ট্ৰসংঘৰ কনফাৰেঞ্চ অন ট্ৰেড এণ্ড ডেভেলপমেন্তৰ সঞ্চালক জেমচ ঝানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কাৰ্যালয়ৰ এই ক্ষেত্ৰত বিশেষ অৱদান আছে কাৰণ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল ৷ উল্লেখ্য যে সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত প্ৰথম স্থানত আমেৰিকা আৰু দ্বিতীয় স্থানত চীন বুলি জানিব পৰা গৈছে৷

পূৰ্বৰ তুলনাত 6 শতাংশ বৃদ্ধি পালে প্ৰত্যক্ষ বিদেশী বিনিয়োগ

ABOUT THE AUTHOR

...view details