অসম

assam

ETV Bharat / business

বাজেট 2020 : সাধাৰণ লোকৰ হাতত প্ৰদান কৰক অধিক অৰ্থ - Budget 2020

বাজেটত পূৰ্বে দুখীয়া শ্ৰেণী, কৃষক, অসংগঠিত শ্ৰম তথা নিম্নবৰ্গক অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল কিন্তু সাধাৰণ লোকক অধিক অৰ্থসাহায্য প্ৰদানৰ দাবী উত্থাপন কৰা হৈছে ৷

1 ফেব্ৰুৱাৰীত বাজেট প্ৰকাশ
বাজেট 2020

By

Published : Jan 30, 2020, 5:47 PM IST

Updated : Jan 30, 2020, 5:55 PM IST

বিজনেছ ডেস্ক, 29 জানুৱাৰী :1 ফেব্ৰুৱাৰীত বাজেট উত্থাপনৰ পূৰ্বে দেশৰ অৰ্থনৈতিক উত্থানক লৈ সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ওপৰত ৷ বাজেটত পূৰ্বে দুখীয়া শ্ৰেণী, কৃষক, অসংগঠিত শ্ৰমিক তথা নিম্নবৰ্গক অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল কিন্তু সাধাৰণ লোকক অধিক অৰ্থসাহায্য প্ৰদানৰ দাবী উত্থাপন কৰা হৈছে ৷ আয়কৰ হ্ৰাস, নিযুক্তিৰ সুবিধা কৰাৰ জৰিয়তে ই সম্ভৱ হৈ উঠিব ৷ কিছু মাহৰ পূৰ্বে সীতাৰমণে কৰ্পৰেট কৰৰ হাৰ হ্ৰাস কৰি দিছিল ৷ ইয়াৰ ফলত সাধাৰণ লোকৰ আয় বৃদ্ধি পোৱাৰ ক্ষেত্ৰত আশা বৃদ্ধি পাব ৷

130 কোটি জনতাৰ এখন দেশত আমি বাস কৰো ৷ কিন্তু 5.65 কোটি লোকেহে income tax returns দাখিল কৰে ৷ সেয়েহে বিত্তমন্ত্ৰীয়ে income tax slab ratesত শিথিলতা প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰা হৈছে ৷ বৰ্তমান, 5 লাখ আয় কৰা লোকসকলৰ বাবে কোনো কৰৰ ব্যৱস্থা নাই ৷ কৰ বিভাগৰ মতে, প্ৰায় 97 লাখ কৰ প্ৰদানকাৰীয়ে নিজৰ আয় 5 লাখৰ পৰা 10 লাখ বুলি দেখুৱাইছে আৰু এই লোকসকলৰ পৰা সংগ্ৰহ কৰা ৰাজহ 45,000 কোটিতকৈও বেছি হ'ব ৷ সেয়েহে এই লোকসকলে কৰ প্ৰদানৰ ক্ষেত্ৰত অধিক শিথিলতা আশা কৰিছে ৷ চৰকাৰে কৰ হ্ৰাস কৰিলে কম টকা খৰছেৰে অধিক চাহিদা বৃদ্ধি কৰিব পৰা যাব ৷ 10 লাখ অথবা ইয়াতকৈ বেছি উপাৰ্জন কৰা সকলে 30 শতাংশ কৰ প্ৰদান কৰিব লাগে ৷ 10-20 লাখ উপাৰ্জন কৰাসকলে 20 শতাংশ কৰ প্ৰদান কৰাৰ এক নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব ৷ আনহাতে, 2.5-10 লাখ উপাৰ্জন কৰাসকলে 10 শতাংশ কৰ প্ৰদান কৰিবলগা হ'ব পাৰে ৷

সম্প্ৰতি গৃহ ঋণৰ ক্ষেত্ৰত (নিৰ্মাণৰ পূৰ্বে প্ৰয়োজনীয় ঋণকে ধৰি) নিজ অধীকৃত সম্পত্তিৰ বাবে সৰ্বাধিক দুই লাখ টকালৈকে সুদৰ হাৰ হ্ৰাস হ'ব পাৰে ৷ বিত্তীয়বৰ্ষ 2019-20ত আগবঢ়োৱা গৃহ ঋণৰ ক্ষেত্ৰত 45 লাখ টকা পৰ্যন্ত মূল্যৰ বাবদ আগবঢ়োৱা 1.5 লাখ টকাৰ ৰাজহ কৰ ৰেহাই দুই লাখ পৰ্যন্ত হ'ব পাৰে ৷ কিন্তু বিভিন্ন চহৰত গৃহ নিৰ্মাণ খণ্ডত আকাশলঙ্ঘী মূল্য হৈ আছে ৷ সেয়ে, এই নিৰ্মাণ খণ্ডটোক উদগনি যোগোৱাৰ বাবে ৰেহাই দিয়াটো উচিত হ'ব ৷ এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে গৃহ ক্ৰয় কৰিবলগীয়া প্ৰতিজন গ্ৰাহকক তথা কৰ দাতাক এই ৰেহাই আগবঢ়োৱা হ'ব পাৰে ৷ গৃহ নিৰ্মাণ খণ্ডৰ উদগনিৰ বাবে বহু প্ৰত্যাক্ষিত এই ব্যৱস্থা সকলোৰে কাম্য ৷

ইপিনে, ছাত্ৰ-ছাত্ৰীৰ মাছুল, জীৱন বীমাৰ মাছুল তথা গৃহ ঋণৰ প্ৰাথমিক মূলধনৰ ক্ষেত্ৰত পৃথক ৰেহাইৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ একেদৰে, শ্বেয়াৰ বজাৰৰ দীৰ্ঘম্যাদী মূলধন হস্তান্তৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় কৰ প্ৰণালীৰ পৰ্যালোচনাৰ দাবী উত্থাপিত হৈ আহিছে ৷ সৰ্বাত্মকভাৱে দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ ক্ষেত্ৰত বজাৰ মূল্য সৰ্বোচ্চ সীমা চুইছেগৈ ৷ জনসাধাৰণক এই ক্ষেত্ৰত সকাহ দিবলৈ বৰ্ধিত মূল্য হ্ৰাস কৰাটো সময়োচিত সিদ্ধান্ত হ'ব ৷ লগতে এইটোও উনুকিয়াব লাগিব যে, চাহিদাৰ হ্ৰাস নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰু উপভোক্তাৰ চাহিদা বৃদ্ধি কৰিবলৈ কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত সেৱা কৰত সালসলনি নহ'ব পাৰে বুলিও ধাৰণ কৰা হয় ৷

শেখৰ আয়াৰ, জ্যেষ্ঠ সাংবাদিক(লিখকৰ অভিমত নিজস্ব)

আৰু পঢ়ক : আলোচনাত বহিব পৰেশ বৰুৱা ! অনুপ চেতিয়ালৈ পৰেশ বৰুৱাৰ ফোন

Last Updated : Jan 30, 2020, 5:55 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details