অসম

assam

ETV Bharat / business

বাজেটৰ প্ৰতিক্ৰিয়া চাবলৈ সোমবাৰলৈ অপেক্ষা কৰক : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ - সঞ্জয় থাপা জ্যেষ্ঠ সাংবাদিক নতুন দিল্লী

এক সাক্ষাৎকাৰৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটক লৈ আশাবাদী বুলি মন্তব্য কৰে ৷ বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটৰ প্ৰতিক্ৰিয়া জানিবলৈ সোমবাৰলৈ অপেক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে ৷

বাজেটৰ প্ৰতিক্ৰিয়া চাবলৈ সোমবাৰলৈ অপেক্ষা কৰক : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
বাজেটৰ প্ৰতিক্ৰিয়া চাবলৈ সোমবাৰলৈ অপেক্ষা কৰক : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

By

Published : Feb 2, 2020, 5:35 PM IST

কৰ্পৰেট খণ্ডত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি উল্লেখ কৰাত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, "আমি কৰ্পৰেট খণ্ডৰ প্ৰভাৱ চাবলৈ সোমবাৰৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব যিটো দিনত সাধাৰণ লেন-দেন সম্পন্ন হয় ৷" শনিবাৰেই হওঁক নাইবা অন্যান্য লেন-দেন সম্পন্ন নোহোৱা দিনেই হওক, দুয়োটা ষ্টক এক্সচেঞ্জেই লেন-দেনৰ বাবে মুকলি থাকে ৷ অৱশ্যে শনিবাৰৰ দিনটোৱে লৈ অহা সুবিধা বা অন্যান্য দিশসমূহৰ প্ৰতিক্ৰিয়া জানিবলৈ সোমবাৰলৈ অপেক্ষা কৰিব লগা হ'ব পাৰে ৷

এক সাক্ষাৎকাৰৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত দাখিল কৰা বাজেটক লৈ আশাবাদী বুলি মন্তব্য কৰে ৷ বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটৰ প্ৰতিক্ৰিয়া জানিবলৈ সোমবাৰলৈ অপেক্ষা কৰিব লাগিব বুলি মন্তব্য কৰে ৷

বিত্তমন্ত্ৰীৰ দাবীৰ পিচটো কৰৰ হাৰ নিম্নগামী হোৱাৰ লগতে পাঁচলৈ কৰৰ হাৰ হ্ৰাস কৰি দিয়াৰ ফলতে, নিফটি আৰু বিএছই চেনচেক্সত ক্ৰমে, 300 আৰু 987 পইন্ট হেৰুৱায় ৷ শেহতীয়াকৈ উত্থাপিত কৰ প্ৰণালীত গ্ৰাহকৰ হাতত অধিক নিষ্পত্তিযোগ্য আয় এৰি দিব, যাৰ প্ৰভাৱত সেৱনৰ চাহিদা বৃদ্ধি হৈ পৰিব, যাক জিডিপি হ্ৰাস হোৱাৰ এক অন্যতম কাৰণ হিচাপে গণ্য কৰিব পাৰি ৷

বিত্তমন্ত্ৰীয়ে আশা কৰা ধৰণে অন্যান্য দিশৰ ভিতৰত, নামমাত্ৰ বৃদ্ধি পৰৱৰ্তী বিত্তীয় বৰ্ষত 10 শতাংশ আৰু বিত্তীয় ঘাটি বৰ্তমানৰ 3.5 শতাংশৰ তুলনাত 3.8 শতাংশলৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে ৷

কৰ্পৰেট খণ্ডই STT, CCT আৰু LTCGত ৰেহাই আশা কৰি আছিল যদিও কেন্দ্ৰীয় বাজেটত এই বিষয়ে উল্লেখ নথকাত নিৰাশ হয় খণ্ডটো ৷ বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, "মই কৰ্পৰেট বণ্ডৰ ক্ষেত্ৰত নিৱেশৰ সীমা 9 শতাংশৰ পৰা 15 শতাংশলৈ বৃদ্ধি কৰি FPI পুৰাইছো ৷ এইটো এটা সকাৰাত্মক দিশ আৰু ইয়ে পৰৱৰ্তী সময়ত বণ্ড বজাৰখন অধিক দৃঢ় কৰি তুলিব ৷" ইয়াৰ উপৰিও চৰকাৰে বিদেশী বিনিয়োগকাৰীৰ বাবে অধিক চৰকাৰী সুৰক্ষানিধি মুকলি কৰাৰ কথা প্ৰকাশ কৰে ৷ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, FPI (Foreign portfolio investment)ৰ বৃদ্ধিয়ে কৰ্পৰেট বণ্ডক সীমাবদ্ধ কৰি, দেশৰ মুদ্ৰানিধিৰ ওপৰত সকাৰাত্মক প্ৰভাৱ পেলাৱ আৰু আশা কৰিব পাৰি যে, আমেৰিকান ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য 72.50লৈ উত্থান ঘটিব ৷ ইয়াৰ পূৰ্বে 2015 চনৰ 28 ফেব্ৰুৱাৰীত সেই সময়ৰ বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে সদনত 2015-16 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপনৰ সময়ত ভাৰত ষ্টক এক্সচেঞ্জ আৰু নেশ্বনেল ষ্টক এক্সচেঞ্জে কাম কৰিছিল ৷

সঞ্জয় থাপা, জ্যেষ্ঠ সাংবাদিক, নতুন দিল্লী

ABOUT THE AUTHOR

...view details